শিক্ষকৰ ৰূপত নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ
নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ নগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে বুধবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী পলাশতল উচ্চ মাধ্যমিক বিদ্যালয়খন পৰিদৰ্শন কৰি বিদ্যালয়খনৰ আন্তঃগাঠনি,শৈক্ষিক পৰিবেশৰ লগতে অন্যান্য দিশ সমূহৰ বুজ লোবাৰ ওপৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগত উপায়ুক্তজনে বিদ্যালয়খনৰ কেইবাটাও শ্ৰেণীকোঠা পৰিদৰ্শন কৰি তেওঁ নিজে ব্লেক বৰ্ডত গণিত,বিজ্ঞান,ইংৰাজী আদি বিষয়ত ছাত্ৰছাত্ৰী সকলক পাঠ দান কৰি অগ্ৰগতিৰ বুজ লয়। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনে যাতে এশ শতাংশ সফলতা দেখুৱাব পাৰে তাৰবাবে বিশেষ যত্ন লবলৈ শিক্ষক-শিক্ষয়িত্ৰী সকলক আহ্বান জনায়। ইয়াৰ ওপৰিও প্ৰতিযোগিতা মুলক পৰীক্ষাত ছাত্ৰছাত্ৰী সকল কেনেদৰে আগবাঢ়িব পাৰে সেই সম্পৰ্কেও মত বিনিময় কৰে ৷
উল্লেখ যে, যোৱা ২০২০ চনত উক্ত বিদ্যালয় খনৰ পৰা এগৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰি বিদ্যালয় খনৰ লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ উপায়ুক্ত এই প্ৰচেষ্টাক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ ওপৰি স্থানীয় লোক সকলে সলাগ লৈছে ৷ এই পৰিদৰ্শন কালতে উপায়ুক্তগৰাকীয়ে সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয় শেনচোৱা আৰু ৰাইডঙীয়াস্থিত মূগা খাদ্য বৃক্ষ ৰোপণ কেন্দ্ৰ পৰিদৰ্শন কৰি দুয়োটা কেন্দ্ৰতে “এৰি” আৰু “পাত মুগা” আদি উৎপাদনৰ সম্পৰ্কত বুজ লয়। তেখেতে সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয় শেনচোৱাত এটি মুল্যবান গছপুলিও ৰোপণ কৰে।