নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : সকলো ছাত্ৰ-ছাত্ৰীৰে জীৱনৰ লক্ষ্য থকা উচিত। যাৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নথাকে তেওঁলোকক পশু লগত তুলনা কৰিব পাৰি, পশু-পখী কাৰণ কোনো লক্ষ্য আৰু উদ্দেশ্য নথাকে। শিক্ষা ব্যক্তি বিশেষ হ’ব নালাগে, শিক্ষা সমাজৰ কল্যাণৰ কাৰণে হ’ব লাগে। একোজন মানুহৰ মাজত অন্তৰ্নিহিত হৈ অসাধাৰণ ব্যক্তিত্ব গুণসমূহ বাহিৰলৈ উলিয়াই অনাটোৱেই শিক্ষাৰ মূল উদ্দেশ্য এইদৰেই ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আৰু শ্ৰীঅৰবিন্দৰ অনুৰাগী তথা সুবক্তা দিগন্ত বিশ্ব শৰ্মাই আজি ধেমাজি অন্যতম উচ্চ শিক্ষানুষ্ঠান মাছখোৱা স্নাতক মহাবিদ্যালয়ত “জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্ব পৰিপূৰ্ণতা” বিষয়ত এক আলোচনা-চক্ৰত এই দৰে ব্যক্ত কৰে। তেওঁ আৰু কয় যে প্ৰতিগৰাকী লোকৰ মাজত অন্তৰ্নিহিত হৈ থকা অসাধাৰণ ব্যক্তিত্ব, গুণসমূহ ভিতৰ পৰা উলিয়াই আনি সমাজৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। মনোজ্ঞ বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয় উপাধ্যক্ষ গণৰাজ ইয়েন। নগৰ হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন দত্ত, পূৰ্বোত্তৰ হাইস্কুল প্ৰধান শিক্ষক বিপুল শইকীয়া মাছখোৱা কনিষ্ঠ মহাবিদ্যালয় সহকাৰী অধ্যাপক মৃদুল শইকীয়াৰ লগতে ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী উপস্হিত থকা অনুষ্ঠানত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল মৃত্যু নহয়, অমৰত্ব আমাৰ লক্ষ্য হোৱা উচিত। নাচিকেটাৰ দৰে দৰ্শন আমাৰ সকলোৰে মাজত আছে। মাথোঁ তাক বিচাৰি ল’ব জানি লাগিব। নাচিকেটাৰ দৰে উচ্চ আকাংক্ষা থকাটো মানৱ জীৱনৰ কাম্য বুলি সদৰী কৰে। অধ্যাপক ড’ বসন্ত মংগল দত্তই আঁত ধৰা অনুষ্ঠানত বৰ্তমানৰ শিক্ষা ব্যৱস্হাৰ সন্দৰ্ভতো আলোকপাত কৰি কয় যে শিক্ষা প্ৰধান উদ্দেশ্য হৈছে এতিয়া চাকৰি, অৰ্থ, খ্যাতি আৰু ক্ষমতা। আজি শিক্ষা ব্যৱস্হাই সকলোকে চাকৰিমুখী কৰি তুলিছে কিন্তু চাকৰি সৃষ্টি কৰিব পৰা শিক্ষা আমাৰ ৰাজ্যত আজিকোপতি হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। মহাযোগী অৰবিন্দৰ উদ্বৃতি দি তেওঁ কয় যে যদি কোনো এজন লোকৰ প্ৰকৃত জ্ঞান থাকে, তেন্তে তেওঁৰ বাবে এটা কৰ্ম নিশ্চিত। স্বামী বিবেকানন্দৰ বহু মূল্যৱান বাণী উল্লেখ কৰি উপস্হিত শিক্ষক সমাজক সেই বাণী সাৰোগত কৰি শিক্ষা প্ৰধানৰ বাবে আহ্বান জনায়। সাৰগৰ্ভ ভাষণ সাৰৰণিৰ পিছতে শিক্ষা সম্পৰ্কত ছাত্ৰ-ছাত্ৰী তথা শিক্ষকৰ লগত অন্তৰংগ আলোচনা কৰে।
প্ৰেৰক মিন্টু শইকীয়া