নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ মেছেঞ্জাৰত যুৱতীৰে অশ্লীল বার্তালাপঃ অধ্যক্ষৰ বিৰুদ্ধে তদন্ত ঘোষণা শিক্ষা বিভাগৰ

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ ১৯৫২ চনতে স্থাপিত উত্তৰ অসমৰ ভিতৰতে অগ্রণী উচ্চ শিক্ষানুষ্ঠান নর্থ লখিমপুৰ কলেজৰ অধ্যক্ষই কোনো অচিনাক্ত যুৱতীৰে মেছেঞ্জাৰত অশ্লীল বার্তালাপ কৰাৰ অভিযোগত  কলেজখনত বিভিন্ন ছাত্র সংগঠনে প্রতিবাদ কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ পাছতেই তদন্ত ঘোষণা কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ শিক্ষা সঞ্চালকালয়ে এই সন্দর্ভত তাৎক্ষণিকভাৱে এক তদন্তৰ নির্দেশ দিয়া বুলি মন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমত প্রকাশ কৰে৷

ইফালে, অধ্যক্ষজনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আন বহু দল–সংগঠন৷ সকলোৱে অধ্যক্ষজনৰ বিৰুদ্ধে শক্তিশালী তদন্ত কৰি দোষী প্রমাণিত হ’লে কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে৷ কলেজখনৰ ছাত্র একতা সভাৰ তৰফৰ পৰা পৰিচালনা সমিতিক এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰাৰ আহ্বান জনাই পত্র দাখিল কৰা হৈছে৷ লখিমপুৰ জিলা ছাত্র সন্থাই ৪৮ ঘণ্টাৰ ভিতৰত অধ্যক্ষজনক বর্খাস্ত কৰি উপায়ুক্তক দায়িত্ব ল’বলৈ স্মাৰক–পত্র প্রদান কৰিছে৷ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ লখিমপুৰ নগৰ শাখাৰ সম্পাদক কৰীব গগৈ স্বাক্ষৰিত আৰু পৰিচালনা সমিতিক দাখিল কৰা স্মাৰক–পত্রত তাৎক্ষণিকভাৱে অধ্যক্ষক নিলম্বন কৰাৰ দাবী জনোৱাৰ উপৰি তেওঁৰ ডক্টৰেট ডিগ্রী সম্পর্কেও তদন্ত কৰাৰ আহ্বান জনায়৷

উল্লেখ্য যে বৃহস্পতিবাৰে নর্থ লখিমপুৰ কলেজৰ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষগৰাকীক ১৫ দিনৰ বাবে বাধ্যতামূলক ছুটী দিয়া হয়৷ তদুপৰি ড০ ৰঞ্জন বৰাক ভাৰপ্রাপ্ত অধ্যক্ষৰ দায়িত্ব অর্পণ কৰা হয়৷ ইপিনে, অধ্যক্ষগৰাকীয়ে তেওঁৰ ফেচবুক একাউণ্ট হেক কৰি তাৰ পৰা দুষ্টচক্রই অশ্লীল মেছেজ প্রেৰণ কৰা বুলি লখিমপুৰ সদৰ থানাত কালি গোচৰ তৰে৷

You might also like