আজিৰ পৰা টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: উখল মাখল পৰিবেশ টিংখাং মহাবিদ্যালয়ৰ চৌদিশ । কাইলৈৰ পৰা অনুষ্ঠিত হব বৃহত্তৰ টিংখাং সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ চৰকাৰী শিক্ষা অনুষ্ঠান খনৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। এই গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী হবলৈ সাজু টিংখাঙৰ ৰাইজ । ৰাইজৰ দান বৰঙণিৰ ফলত ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয় খনৰ এই সোণালী ইতিহাসৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ বাবে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব টিংখাং মহাবিদ্যালয়ৰ সোণালী জযন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। যাৰ বাবে এতিয়া গ্ৰামাঞ্চলৰ মহাবিদ্যালয় খনৰ চৌহদত সৃষ্টি হৈছে এক উখল মাখল তথা উৎসৱ মুখৰ পৰিবেশৰ। কাইলৈৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব লগা সমাৰোহত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াক সভাপতি , অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱেশ্বৰ মহনক কাৰ্যকৰী সভাপতি আৰু বৰ্তমানৰ অধ্যক্ষ ড° মৌচুমী গগৈক সম্পাদক হিচাপে লৈ গঠন হোৱা উদযাপন সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷
সোণালী জয়ন্তী সমাৰোহৰ সৈতে সংগতি ৰাখি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী বিমল বড়াই ৷ সোণালী জয়ন্তীৰ বাকী ৪৯ খন পতাকা উত্তোলন কৰিব মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলে ৷ শ্ৰদ্ধাঞ্জলি , স্মৃতি তৰ্পণ কৰিব মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুকুলচন্দ্ৰ বৰা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক যজ্ঞেশ্বৰ গগৈয়ে ৷ মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰৱেশ পথ মুকলি কৰিব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ মুখ্য আৱাসিক কাৰ্যবাহী বিষয়া প্ৰশান্ত বৰকাকতীয়ে ৷ নতুন ভৱন উন্মোচন কৰিব জ্যেষ্ঠ নাগৰিক মনোৰঞ্জন চাংমাইয়ে ৷ নতুন কেন্টিন উন্মোচন কৰিব ক্ৰীড়া সংগঠক হৰেণ ডেকা বৰুৱাই ৷ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উন্মোচন কৰিব ৰাজহ চক্ৰ বিষয়া কৌস্তভ কলিতাই ৷ বিয়লি “জোনাব চুজাউদ্দিন আহমেদ সোঁৱৰণী ” আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ৷ ইয়াৰ পিছতেই ছাত্ৰছাত্ৰী সমাৰোহ আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ’ব ৷ সন্ধিয়া স্থানীয় শিল্পী আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰদ্বাৰা বিচিত্ৰা অনুষ্ঠান পৰিৱেশন কৰা হ’ব ৷ দ্বিতীয় দিনা অৰ্থাৎ ২ ছেপ্টেম্বৰত সতীৰ্থ সোঁৱৰণ , গুৰু সেৱা আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ পিছত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি তথা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈৰ সঞ্চালনাত “ ন-পুৰণি সমাৰোহ ” অনুষ্ঠিত হ’ব ৷ স্মৃতিগ্ৰন্থ “ সোণালী অনুৰণন ” উন্মোচন কৰিব আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ বিয়লি অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতেই প্ৰয়াত প্ৰাক্তন ছাত্র ছাত্ৰী সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ জ্যোতিমালা গোঁহাইয়ে । গীত পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী কুসুম কৈলাশ আৰু প্ৰাণদীপে । সমাৰোহৰ সামৰণি তথা ৩ ছেপ্টেম্বৰৰ দিনা পুৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷
ইয়াৰ পিছতেই গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব ৷ দিনৰ এক বজাত উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী বিমল বড়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব ৷ মুকলি সভা উদ্বোধন কৰিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে ৷ আদৰণি ভাষণ আগবঢ়াব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জীৱেশ্বৰ মহনে ৷ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে কেইবাগৰাকীও মন্ত্ৰী , বিধায়ক আৰু জাতীয় দল -সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব ৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতেই প্ৰয়াত অধ্যাপক গোপাল শইকীয়া, স্বৰ্গীয় ভুৱন চন্দ্ৰ সন্দিকৈ আৰু অধ্যাপিকা স্বৰ্গীয় দীপান্বিতা বৰা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত সুবাসনা দত্ত আৰু ৰমেন দানহৰ গীতৰ শৰাই পৰিৱেশন কৰা হ’ব ৷ সমাৰোহৰ বাবে মহাবিদ্যালয়খন আটকধুনীয়াকৈ সজাইপৰাই তোলা হৈছে ৷ এতিয়া মহাবিদ্যালয়খনৰ চৌদিশে সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ ।
কৃষ্ণ গগৈ, টিংখাং