নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক লাহদৈগড়-ধোদৰ আলি সংযোগি পথৰ ৰাজৈ দলঙত প্ৰকাণ্ড গাঁত

 নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট  – ঐতিহাসিক লাহদৈগড় ধোদৰ আলি সংযোগি পথটো টীয়ক সমষ্টি এটা গুৰুত্বপূৰ্ণ পথ । এইপথটো নিমাটী পৰা লাহদৈগড় হৈ ধোদৰ আলিত সংযোগ হৈছে । এই পথটো মেৰামতি নামত বহু লাখ টকা কাম  ঠিকাদাৰে কৰিলে যদিও পথটোৰ বহু অংশও গাঁত চাইডবাম আদি নিৰ্মাণ নকৰিলে , মাত্ৰ পথটোৰ ওপৰত কেইপদ মান শিলগুটিৰ ব্যৱস্থা কৰি মেৰামতি নামত বহু টকা সৰকাই নিলে । স্থানীয় ৰাইজৰ অভিযোগ যে গড়কাপ্তানী বিভাগৰ কোনো বিষয়া উপস্থিত নথকাকৈ পথটো মেৰামতি কাম কৰাত বহু অংশ গাত , চাইড বাম থাকিল । বিশেষকৈ  ৰাজৈ বাগিছা পথৰ সমীপত পথটোৰ ওপৰত থকা দলঙখনৰ এটা চাইড ভাগি সোমাই গৈছে দলঙখনৰ দুইটা মুৰত গাতৰ সৃষ্টি হৈছে যদিও তেনেদৰে আছে । এই অঞ্চলসমূহত দুৰ্ঘটনা হোৱাটো প্ৰায় নিশ্চিত । সেই ৰাইজে ইয়াৰ এটা তদন্তু দি পথটো পুনৰ মেৰামতি কৰিবলৈ আহ্বান জনাইছে।
You might also like