নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবাদ জগত উকা কৰি অজান দেশৰ আলহী হল ধুবুৰীৰ সাংবাদিক পাৰভেজুৰ ৰহমান

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমান আৰু নাই। আজি বিয়লি আনুমানিক ৩.১২ মান বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। বিগত কেইবা মাহৰ পৰা বিভিন্ন ধৰণৰ শাৰিৰীক অসুস্থতাত ভূগি আছিল প্ৰয়াত সাংবাদিকগৰাকীয়ে আৰু কিছুদিন পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটীলৈ গৈছিল ৰ’হমান। কিন্তু নিয়তিৰ হাতত হাৰ মানি মাথোঁ ৪৮ বছৰত আজি চিৰদিনৰ বাবে বিদায় মাগে তেওঁ। মৃত্যুৰ সময়ত নিজৰ ১২ বছৰীয়া একমাত্ৰ পুত্ৰ আৰু পত্নীক এৰি যায় তেওঁ। উল্লেখ্য যে ধুবুৰীৰ বিদ্যাপাৰাৰ বাসিন্দা পাৰভেজুৰ ৰহমানে ১৯৯৫ চনৰ পৰাই জড়িত হৈ পৰিছিল অসমৰ সংবাদ জগতৰ সৈতে। দীৰ্ঘ এই কৰ্মকালত অসমৰ বহুকেইখন আগশাৰীৰ বাতৰিকাকতত ধুবুৰীৰ সাংবাদিকৰূপে কাম কৰা ৰহমান শেহতীয়াকৈ কেইবা বছৰ পূৰ্বে জড়িত হৈ পৰিছিল ৰাজ্যৰ এটা ছেটেলাইট চেনেলৰ সৈতে আৰু মৃত্যুৰ আগলৈ ধুবুৰীৰ সাংবাদিকৰূপে কৰ্মৰত আছিল চেনেলটোত। বিভিন্ন সময়ত ভিন্ন ধৰ্মী আৰু সুকীয়া সংবাদেৰে ৰাইজৰ সমাদৰ বুটলা প্ৰয়াত এই সাংবাদিকগৰাকীৰ এই অকাল মৃত্যু ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ সংবাদ জগতৰ এক অপূৰণীয় ক্ষতি বুলিয়েই বিবেচিত হৈছে। কেৱল স্থানীয় সংবাদ জগততেই; নহয় পাৰভেজুৰ ৰহমানৰ এই আকস্মিক মৃত্যুৱে শোকৰ ছাঁ পেলাইছে ধুবুৰীৰ সৰ্বস্তৰৰ ৰাইজৰ মাজতো। আজি নিশাৰ ভাগত সাংবাদিক ৰহমানৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা ধুবুৰীলৈ আহি পোৱাৰ কথা।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like