প্ৰেমিকাৰ মৃত্যু যন্ত্ৰণা সহিব নোৱাৰি প্ৰেমিকৰ আত্মহত্যা
প্ৰেমিকাৰ আদ্যশ্ৰাদ্ধৰ দিনাই আত্মহত্যা কৰিলে প্ৰেমিকে
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে নগাঁৱৰ চাপানালাত। ২৩ জানুৱাৰীত আত্মহত্যা কৰা প্ৰেমিকাৰ মৃত্যু যন্ত্ৰণা সহিব নোৱাৰি আত্মহত্যা কৰিলে প্ৰেমিকে। ঘটনা অনুসৰি গীতা বৰদলৈ নামৰ এগৰাকী যুৱতীৰ সৈতে ধনঞ্জয় চৌধুৰী নামৰ যুৱকজনৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু ৰহস্যজনকভাৱে যোৱা ২৩ জানুৱাৰীত প্ৰেমিকা গীতা বৰদলৈয়ে নিজ ঘৰতে আত্মহত্যা কৰাৰ পিছতে মানসিকভাৱে ভাগি পৰিছিল ধনঞ্জয়। আনহাতে বুধবাৰে গীতাৰ আদ্যশ্ৰাদ্ধ আছিল। প্ৰেমিক ধনঞ্জয়ো বিয়লি প্ৰেমিকাৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈছিল। কিন্তু মানসিকভাৱে একেবাৰে ভাঙি পৰা ধনঞ্জয়ে মৃত্যু বেদনা সহিব নোৱাৰি প্ৰেমিকাৰ ঘৰৰ সন্মুখতে বিষপান কৰি আত্মহত্যা কৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
ধনঞ্জয়ে চলাই অহা AS-09 E-8159 নম্বৰৰ টাটা ছুম’খনতেই মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাস্থলীত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।