জয়পুৰত আন্তঃআৰক্ষী থানা ফুটবল প্ৰতিযোগিতা আৰম্ভ: উদ্বোধনী খেলত দ্ৰ খেলিলে জয়পুৰ-নাহৰকটীয়া থানাই
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ সর্বদা আইন শৃংখলা ৰক্ষা আৰু শান্তি বজাই ৰখাত ব্যস্ত থকা অসম আৰক্ষীৰ জয়পুৰ আৰু নাহৰকটীয়া থানা কালি হঠাতে সমুখ সমৰত অৱতীৰ্ণ হল। যত সাক্ষী হৈ ৰয় শতাধিক স্থানীয় লোকৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াও। কিন্ত্ত কিয় সংঘটিত হল এনে ঘটনা। কিয় এনেদৰে নাহৰকটীয়া আৰু জয়পুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া সহ জোৱান সকল লিপ্ত হল সন্মুখ সমৰত। ভুল নুবুজিব, এইয়া কোনো সংঘর্ষৰ কথা নহয়। প্রকৃততে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ মৰ্মে আৰক্ষী থানা সমূহৰ মাজত ফুটবল খেল আয়োজন কৰি আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত সম্পৰ্ক মধুৰ কৰিবলৈ অসম আৰক্ষীয়ে হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপে । সেই উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সকলো থানা সামৰি ৪ টা মণ্ডল গঠন কৰি আয়োজন কৰা হৈছে এখনি ফুটবল টুৰ্ণামেণ্টত। ইয়াৰে এটা মণ্ডলৰ অংশ হিচাপে কালি বিয়লি নাহৰকটীয়া আৰক্ষী থানা আৰু জয়পুৰ আৰক্ষী থানাৰ মাজত অনুষ্ঠিত হয় প্ৰথম খন খেল। উল্লেখযোগ্য যে তীব্ৰ উত্তেজনামূলক ফুটবলখেল খন নিৰ্ধাৰিত সময়ত ১-১ গলত অমিমাংশিত হৈ ৰয়। অসম আৰক্ষীয়ে আৰক্ষী জোৱান সকলৰ লগতে নিজ নিজ থানাৰ এলেকাধীন যুৱক সকলক লগত লৈ আয়োজন কৰা এই ফুটবল খেল সমূহে সাধাৰণ জনতাক আৰক্ষীৰ কাষলৈ চপাই আনিবলৈ সক্ষম হব বুলি আশাবাদী নামৰূপৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়াৰ । লক্ষণীয় যে সকলো মণ্ডলৰ খেল সমূহ সমাপ্ত হোৱাৰ পিছতেই ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰত ছেমি ফাইনেল আৰু ফাইনেল খেল খন অনুষ্ঠিত হব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে।