নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত নিশা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু; ঝুমুৰ নাচি অংশ ল’লে কৰম পূজাত

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জনাই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত কালি নিশা অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে । মৰিয়নিৰ হাতীপটি চাহ বাগিচাৰ কৰম পূজা থলীত এই উপলক্ষ্যে এক চমু অনুষ্ঠানৰ আয়োজন কৰা হয় । নিশা প্ৰায় চাৰে দহ বজাত কৰম পূজা থলীত উপস্থিত হৈ মন্ত্ৰী ডাঃ পেগুৱে বাগিচাখনৰ ৰাইজ আৰু বিধায়ক কুৰ্মীৰ সৈতে ঝুমুৰ নাচত অংশগ্ৰহণ কৰে । ঝুমুৰ দলৰ নাচনীৰ সৈতে হাতত হাত ধৰি মাদলৰ তালে তালে নাচে মন্ত্ৰী ডাঃ পেগুৱে । তাৰ পিছতেই কৰম পূজাথলীত ধূপ জ্বলাই পূজা কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আদৰণি বক্তব্য প্ৰদান কৰি বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কাম কৰিছে বুলি উল্লেখ কৰি কোনো এখন চৰকাৰে নকৰা কাম এইখন চৰকাৰে কৰিছে বুলি উল্লেখ কৰে । চাহ শ্ৰমিকৰ মজুৰি বিজেপি চৰকাৰেহে বৃদ্ধি কৰিছে বুলিও বিধায়ক কুৰ্মীয়ে লগতে মন্তব্য কৰে । আনহাতে, মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নিজ বক্তব্যত কয় ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁ‌টৰ চৰকাৰে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ চাহ শ্ৰমিকৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে । চৰকাৰে এতিয়া চাহ বাগিচাৰ শ্ৰমিকসকল সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁলোকক আত্মমৰ্য্যদাৰে জীয়াই থকাৰ বাবে পদক্ষেপ হাতত লৈছে বুলি মন্তব্য কৰে । শিক্ষাৰ ক্ষেত্ৰত চাহ বাগিচাৰ শিশুৰ বাবে সুকীয়াকৈ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰি এক নজিৰ স্থাপন কৰা বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, চেপ্তেম্বৰ মাহতেই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু অসমলৈ আহিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতি আহোঁতেই এশ খন চাহ বাগিচাৰ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিবলৈ দিয়ে । তেওঁ লগতে চাহ বাগিচাসমূহৰ শ্ৰমিকৰ মজুৰি পৰ্য্যায়ক্ৰমে আৰু বৃদ্ধি কৰিব বুলিও লগতে উল্লেখ কৰে । মন্ত্ৰীগৰাকীক হাতীপটি চাহ বাগিচাত উষ্ণ আদৰণি জনোৱা হয় । অনুষ্ঠানটোত মৰিয়নি মণ্ডল বিজেপিৰ সভাপতি কৃষ্ণ ভূমিজৰ লগতে বহুসংখ্যক দলীয় নেতা কৰ্মীও উপস্থিত থাকে ।

You might also like