বজালী জিলা কাৰাটে সন্থাৰ প্ৰথম জিলা ভিত্তিক প্ৰতিযোগিতা সম্পন্ন
বজালীত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ আগ্ৰহ মন্ত্ৰী ৰনজিৎ দাসৰ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অসম অলিম্পিক সন্থাৰ পঞ্জীয়নভুক্ত অসম কাৰাটে সন্থাৰ অন্তৰ্গত বজালী জিলা কাৰাটে সন্থাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আজি বজালী জিলাত এক জিলাভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ পাঠশালাৰ নৈবেদ্য সভা ভৱনত অনুষ্ঠিত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে৷ প্ৰতেযোগিতাখন মুকলি কৰি তেও উদ্যোক্তাসকলৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে খেলুৱৈসকলক খেলুৱৈসূলভ মলোভাবেৰে খেলি ভবিষ্যতে নিজকে উজলাই তোলাৰ বাবে আহ্বান জনায়৷ ইয়াৰ পূৰ্বে পতাকা উত্তোলন কৰে অধিবক্তা তথা সমাজকৰ্মী গিৰিধৰ চৌধুৰী আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি নৱকান্ত কলিতাই৷ ইয়াৰ পিচতে অংশগ্ৰহণকাৰীসকলে অসমৰ জাতীয় সংগীত পৰিবেশন কৰে৷
প্ৰতিযোগিতাখনত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উপস্থিত হৈ খেলুৱৈসকলৰ সতে মত বিনিময় কৰাৰ লগতে খেলুৱৈৰ উৎসাহ দেখি অভিভুত হৈ পৰে আৰু আগন্তুক আগন্তুক দিনত বজালীত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে৷ প্ৰতিযোগিতাত অভিনেতা ৰাজকুমাৰে উপস্থিত হৈ খেলুৱৈসকলক উৎসাহ যোগায়৷ প্ৰতিযোগিতাখনত পাঠশালা, বাগনা, ভবানীপুৰ, সৰুপেটা আদিৰ শতাধিক প্ৰতেযোগীয়ে অংশগ্ৰহণ কৰে৷ ওজন আৰু বয়স ভিত্তিত বিভিন্ন শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাখন পৰিচালনা কৰিবলৈ গুৱাহাটীৰ পৰা কেবাজনো বিচাৰকে অংশগ্ৰহণ কৰি সুচাৰুৰূপে পৰিচালনা কৰে৷ পোন প্ৰথম আয়োজন কৰা এই প্ৰতিযোগিতাৰ পৰিচালনা সমিতিৰ সম্পাদক সম্পুৰ্ণ চৌধুৰী, সহকাৰী সম্পাদক হিমাংশু তালুকদাৰ কাৰ্যকৰী সদস্য হেমন্ত চৌধুৰী, কোষাধ্যক্ষ কমলেশ চৌধুৰী, উপদষ্টা নৱ তালুকদাৰ, বজালী কাৰটে ডোৰ সম্পাদক আৰু মুখ্য প্ৰশিক্ষক অৰ্ণৱজান শৰ্মা আদিয়ে খেল খন সুল্দৰ ভাৱে পৰিচালনা কৰে৷ উদ্যোক্তাসকলে জিলাখনৰ অন্তৰ্গত বজালী জিলা কাৰটে সন্থাৰ সকলো খেলুৱৈক কৃতজ্ঞতা জ্ঞাপন কৰে৷ খেলৰ শেষত পৰিচালকসকলক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়৷
প্ৰেৰক: কল্যাণ কলিতা