ডিপৰা বিৰিঙানী নামঘৰত মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ আজি ডিপৰা বিৰিঙানী নামঘৰত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উদ্যমী যুৱক ৰিপাংকৰ শইকীয়াৰ একক প্ৰচেষ্টাত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ঘৰুৱা শিক্ষাৰ লগত জড়িত প্ৰায় ৯২ জন ছাত্ৰ ছাত্ৰীৰ মাজত বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতা আয়োজন কৰা হয়। অঞ্চলটোৰ এগৰাকী সন্মানীয় ব্যক্তি যামিনী বৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানটোত বিচাৰকৰ আসন অলংকৃত কৰে কঠালনীবাৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ মহন্ত আৰু মণিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক চলিহাই। বিৰিঙানী বৰনামঘৰৰ গোপিনীসকলৰ দ্বাৰা পৰিবেশন কৰা দিহানামেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।
ইপিনে অঞ্চলটোৰ উদ্যমী যুৱক ৰিপাংকৰ শইকীয়াই সভাৰ উদেশ্য ব্যাখ্যা কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে আগন্তুক দিনত আৰু বিশেষ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। ইপিনে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ মহন্তই মেধাৱী ছাত্র-ছাত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু ভৱিষ্যতে নিজকে দেশৰ সুনাগৰিক হিচাপে গঢ় দিয়াৰ বাবে আত্মনিয়োগ কৰিবলৈ ছাত্র-ছাত্রীসকলৰ প্রতি আহ্বান জনায়। লগতে ভৱিষ্যতেও যাতে ছাত্র-ছাত্রীসকলে বিদ্যায়তনিক দিশত এই ধাৰা অব্যাহত ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে একাগ্রতা আৰু কঠোৰ পৰিশ্ৰমৰে নিজকে আগবঢ়াই লৈ যাব লাগিব বুলি মহন্তই উল্লেখ কৰে।