নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো মৰিগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত আজি স্থানীয় পবিতৰা হাত প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডঃ ভৱজ্যোতি দাস আৰু জাগীৰোড কলেজৰ অধ্যক্ষ ডঃ ভবেন চন্দ্ৰ নেওগ । সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী।

উল্লেখ্য এই সভাখনত ভাষণ প্ৰদান কৰি কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডঃ ভৱজ্যোতি দাসে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিদ্যতনিক দিশৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য আজিৰ এই সভাত দুগৰাকী প্ৰাক্তন বয়োজেষ্ট শিক্ষকক মৰিগাঁও জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত দেবাসীস শৰ্মা আৰু অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুন , জিলা শিক্ষা বিষয়া বুলি গগৈ ভূঞাই সম্বৰ্ধনা জনাই। লগতে আজিৰ এই সভাতে নিজ মৰিগাঁও জিলা শিক্ষা বিভাগৰ অনলাইন বার্তালোচনী প্ৰজ্ঞা লিপিৰ শিক্ষক দিৱস বিশেষ সংখ্যা তিৰ শুভ উদ্ধোধন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাসীস শৰ্মাই। আনহাতে আজিৰ এই সভাতে মৰিগাঁও জিলাত নিজ কৰ্মৰে জিলিকি উঠা বহুকেইগৰাকী শিক্ষকক সমৰ্ধনা জনোৱা হয়।

You might also like