শিক্ষক দিৱসত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অভিনন্দন পত্ৰৰে সমষ্টিৰ শিক্ষকক জনালে সন্মান
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই ৫ ছেপ্টেম্বৰত শিক্ষক সমাজক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইবেলিও পবিত্ৰ শিক্ষক দিৱসৰ শুভক্ষণত মন্ত্ৰী পীযুষ হাজৰিকাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰতিগৰাকী শিক্ষকলৈ একোখনকৈ গামোচা, অভিনন্দন পত্ৰৰে শিক্ষক সমাজক সন্মান জনায়। মন্ত্ৰীগৰাকীৰ ধাৰাবাহিক ভাৱে এই ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱাত অঞ্চলবাসীয়ে প্ৰশংসা কৰে। আনহাতে আজি জাগীৰোড সমষ্টিৰ বিজেপিৰ নেতা-কৰ্মীয়ে জাগীৰোড সমষ্টিৰ অন্তৰ্গত প্ৰতিখন শিক্ষানুষ্ঠানসমূহত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাৰ হৈ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰীক অভিনন্দন জনাই শিক্ষকতাৰ দৰে মহান বৃত্তিত আত্মনিয়োগ কৰি শিক্ষকসকলে উত্তৰ পুৰুষক সু-নাগৰিক হোৱাৰ অৱদানক শলাগ লোৱাৰ লগতে অনাগত দিনত সমষ্টি তথা ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত গঠনমূলক পৰামৰ্শ আৰু পৰিকল্পিত চিন্তা-চৰ্চাৰে সহযোগিতা আগবঢ়াব বুলি এই অভিনন্দন পত্ৰৰ যোগেদি তেওঁ আস্থা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ এনে পদক্ষেপে সমগ্ৰ ৰাজ্যতে এক নজীৰ স্থাপন কৰাৰ লগতে শিক্ষক সমাজকো কৰ্মস্পৃহা বঢ়োৱাত অৰিহণা যোগাব বুলি ৰাইজে আশা কৰিছে।