নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: মদৰ দোকানত চুৰি কৰিবলৈ গৈ দোকানখনৰ ভিতৰত ডিঙিলৈকে সুৰাপান কৰি আৰক্ষীৰ হাতত গ্রেপ্তাৰ হ’বলগীয়া হ’ল দুটা চোৰ৷ দোকানৰ দেৱালত ফুটা কৰি সেই ফুটাৰে দোকানখনত প্রৱেশ কৰিছিল চোৰ দুটাই৷ তামিলনাডুৰ ভিৰুভাল্লুৰ এই ঘটনাক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে জ্বৰ৷ দেৱাল কাটি তাৰ ভিতৰত প্রৱেশ কৰা দুয়োটা চোৰক নিচাগ্রস্ত অৱস্থাত ফুটাৰেই বাহিৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি গোপন সূত্রৰ খবৰ পোৱাৰ পিছতে ভিৰুভাল্লুৰৰ দোকানখনত অভিযান চলোৱা হয়৷ তেতিয়াই দোকানখনত নিচাগ্রস্ত অৱস্থাত পৰি থকা চোৰ দুটাক দেৱালৰ ফুটাৰে দেখিবলৈ পায় আৰক্ষীয়ে৷ দোকানৰ পৰা মদ চুৰি কৰিবলৈ গৈ মদৰ লোভ ত্যাগ কৰিব নোৱাৰিলে দুয়োটা চোৰে৷ দামী দামী মদ দেখি ডিঙিলৈকে পান কৰে দুয়োটা চোৰে৷ গতিকে দোকানৰ ভিতৰতেই নিচাত একো ক’ব নোৱৰা হৈ দুয়ো চোৰে শুই পৰে৷ এই ঘটনাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে ৰসিকতা৷ চোৰৰ এই বিলৈ দেখি ছ’চিয়েল মিডিয়াত ইয়াৰ বহু ব্যৱহাৰকাৰীয়ে মনোগ্রাহী মন্তব্য কৰাও পৰিলক্ষিত হৈছে৷ আৰক্ষীৰ বাহনত শুই শুই থানালৈ যোৱা অৱস্থাতো নিচা নাফাটিল দুয়োটা চোৰৰ৷