নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় তিতাবৰ জিলা কাৰাটে চেম্পিয়নশ্বিপত মৰিয়নিৰ ছ’ট’কান কাৰাটে-ডু স্কুল শ্ৰেষ্ঠ দল

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: তিতাবৰ জিলা স্প’ৰ্টছ কাৰাটে ডু এচ’ছিয়েছনৰ উদ্যোগত তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত কালি দিনজোৰা কাৰ্য্যসূচীৰে দ্বিতীয় তিতাবৰ জিলা কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় । এই চেম্পিয়নশ্বিপত জিলাখনৰ আঠটা স্বীকৃতিপ্ৰাপ্ত ক্লাৱৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশ লয় । মৰিয়নিৰ ছ’ট’কান কাৰাটে ডু স্কুলে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাখনত দলটোৱে ২৫ টা সোণ, ১৩ টা ৰূপ আৰু ১৫ টা ব্ৰঞ্জৰ পদক লাভ কৰি মৰিয়নিলৈ সুনাম কঢ়িয়াই আনিছে । দলটোৰ হৈ ‘কাটা’ প্ৰদৰ্শনত অভিনৱ গগৈ, তন্ময় গোৱালা, আৰিয়ান বৰা, প্ৰত্যুষা আইচ, আৰ্টিনাছান নেওগ, যশ ধনৰাজ গগৈ, তনুশ্ৰী সন্দিকৈ, নৱজিত শইকীয়া, অনামিকা বসাক, চুম নায়ক, অনিমেষ দত্ত, অংকিতা হাজৰিকা, যতীন কছাৰী আৰু জাগৃতি কছাৰীয়ে সোণৰ পদক লাভ কৰে । ৰূপৰ পদক লাভ কৰে – ৰাজদ্বীপ দে, হিতৰাজ সিং আৰু আইনীপ্ৰিয়া শইকীয়াই । একেদৰে অদ্ভিক শইকীয়া, শিৱাংশ গাৰ্গ, ৰাহুল দাস, সৌৰভজ্যোতি বৰবৰা, বিতুপন বৰুৱা, বন্দনা তাঁ‌তী, প্ৰাংগণ মেধি, পাৰ্থপ্ৰতীম বৰদলৈ, ব্ৰঞ্জৰ পদক অৰ্জন কৰে । আনহাতে, ‘কুমিটে’ বিভাগত ৰাজদ্বীপ দে, প্ৰত্যুষা আইচ, আৰ্টিনাছান নেওগ, ৰাহুল দাস, যশ ধনৰাজ গগৈ, তনুশ্ৰী সন্দিকৈ, নৱজিত শইকীয়া, আৰফান হাজৰিকা, অনিমেষ দত্ত, আইনিপ্ৰিয়া শইকীয়া আৰু মৃগাংকিকা বৰাই সোণৰ পদক কঢ়িয়াই আনে । ইয়াৰ বিপৰীতে তন্ময় গোৱালা, আৰিয়ান বৰা, মৌচম গগৈ, আদৰ্শিনী গগৈ, শুভম দে, পাৰ্থ প্ৰতীম বৰদলৈ, অনামিকা বসাক, চুম নায়ক, বন্দনা তাঁ‌তী , বিদ্যুৎ সন্দিকৈ, আৰু যতীন কছাৰীয়ে ৰূপৰ পদক অৰ্জন কৰে ।

ইফালে, অদ্ভিক শইকীয়া, প্ৰাংগণ মেধি, অক্ষিতা শুক্লবৈদ্য, সন্দীপ ভৰালী, সৌৰভ বাউৰী, অবিনাশ দুৱৰা, আদিত্য হাজৰিকা, আৰু জাগৃতি কছাৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰা দলটোক উত্তম শইকীয়া সোঁ‌ৱৰণী ট্ৰফী প্ৰদান কৰা হয় । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ট্ৰফীৰ দাতা শ্যামলীমা শইকীয়া, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰী, তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তৰুন দত্ত, তিতাবৰ জিলা স্প’ৰ্টছ কাৰাটে ডু এছ’চিয়েছনৰ সভাপতি দীপক সন্দিকৈ, কাৰ্য্যকৰী সভাপতি প্ৰিতম কুমাৰ শইকীয়া, সম্পাদক দেৱজিত শইকীয়া, ৰাজেন নেওগ, আয়োজক সমিতিৰ প্ৰিয়াংশু বৰুৱা, ৰঞ্জিত গগৈ, দিগন্ত গগৈ, চেম্পিয়নশ্বিপৰ টেকনিকেল ডাইৰেক্টৰ জিতেন দাস, ৰাজ্যিক পৰ্য্যবেক্ষক অনন্ত চাংমাই আদিয়ে বঁ‌টাসমূহ প্ৰদান কৰে । উল্লেখযোগ্য যে, মৰিয়নিৰ কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰা ভৱনত সমৰকলাৰ প্ৰশিক্ষক দেৱজিত শইকীয়াৰ তত্বাৱধানত মৰিয়নিৰ ছ’ট’কান কাৰাটে ডু স্কুলৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে । মৰিয়নিলৈ শ্ৰেষ্ঠ দলৰ সন্মান কঢ়িয়াই অনাৰ বাবে ক্ৰীড়াপ্ৰেমী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।

You might also like