নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত আকস্মিক ভ্ৰমণ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ আজি হুৱাদুৱা লাগে ধুবুৰীৰ এটি চৰকাৰী কাৰ্য্যালয়ত। জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পোৱাৰ পিছত যোৱা নিশা ধুবুৰীলৈ আহি উপস্থিত হোৱা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কাৰ্য্যালয়টোলৈ আকস্মিক পৰিদৰ্শনক কেন্দ্ৰ কৰি কাৰ্য্যতঃ থৰহৰি কম্পমান হৈ পৰা প্ৰত্যক্ষিত হয় একাংশই। উল্লেখ্যে যে, আজিৰ দিনৰ ১১টা মান বজাত জিলা উপায়ুক্ত অন্বামুথন এম পিক লৈ অকষ্মাতে ধুবুৰীস্থ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে। কাৰ্য্যালয়টোৰ attendance registerখন পৰীক্ষা কৰে তেওঁ আৰু উপস্থিত বিষয়া–কৰ্মচাৰীক কাৰ্য্যালয়টোৰ বিৰূদ্ধে অজস্ৰ অভিযোগ পাই থকা বাবেই আজি এইদৰে পৰিদৰ্শন কৰিবলৈ অহা বুলি জনায়। ল’গতে আজিৰ পৰা যাতে কাৰ্য্যালয়টোৰ বিৰূদ্ধে অভিযোগ নুঠে সেয়াও সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে। পিছত স্থানীয় সাংবাদিকৰে হোৱা কথা–বতাৰত কাৰ্য্যালয়টোত আজি অকৰ্তৃত্বশীল ভাৱে উপস্থিত নথকা ৩/৪ গৰাকী কৰ্মচাৰীৰ চৰকাৰী নিয়ম অনুযায়ী এদিনৰ দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া বুলি সদৰি কৰি। ইয়াৰ পিছত পোনে পোনে নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় তেওঁ। অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষা তথা চীফ চুপাৰিন্টেণ্ডেন্ট ডা৹(প্রফেচাৰ) অংকুমণি শইকীয়া, হস্পিটালৰ চুপাৰিন্টেণ্ডেন্ট ড: হাৰুণ আল ৰছিদ আৰু অন্যান্য চিকিৎসকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু তেখেতসকলে সম্মুখীন হোৱা সমস্যাসমূহ আৰু তাৰ সম্ভাব্য সমাধানৰ বিষয়ে আলোচনা কৰে। পিছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত অহা ৩১ ছেপ্তেম্বৰৰ ভিতৰত ঠিকাদাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয়খন চমজাই দিব বুলি উল্লেখ কৰে আৰু বাকী থকা দুই–এটা কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰা হ’ব বুলি অৱগত কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like