নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬সংখ্যক ওপজা দিন

নিয়মীয়াবাৰ্তা, ৮ ছেপ্টেম্বৰ:  ‘ভাৰতৰত্ন’ সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ৯৬সংখ্যক ওপজা দিন৷ অসমবাসীৰ বিবেক আৰু আৱেগক কালজয়ী গীত–সুৰেৰে আৱৰি ৰখা স্বনামধন্য শিল্পীগৰাকীৰ জন্মদিন শদিয়াৰ পৰা ধুবুৰীলৈ আড়ম্বৰপূর্ণভাৱে আয়োজনৰ প্রস্তুতি চলিছে৷ জন্মদিনত প্রতিজন অসমীয়াই সশ্রদ্ধ স্মৰণ কৰিব হিয়াৰ আমঠুক৷ ১৯২৬ চনত শদিয়াত জন্মগ্রহণ কৰা মহান শিল্পীগৰাকীয়ে জীৱন কালত নিজৰ সৃষ্টিশীল প্রতিভাৰে উজলি উঠিছিল বিশ্ববাসীৰ সন্মুখত৷ সংগীত নাটক একাডেমী, দাদা চাহেব ফাল্কে বঁটাৰ পৰা আৰম্ভ কৰি পদ্মশ্রী, পদ্মবিভূষণলৈকে অসমৰত্নৰ পৰা দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নলৈকে অসংখ্য সন্মানেৰে বিভূষিত বৰেণ্য শিল্পীগৰাকীৰ কাৰণে আটাইতকৈ ডাঙৰ সন্মান আছিল মানুহৰ আদৰ আৰু মৰম৷ সেইবাবে মৃত্যুৰ ১১ বছৰ পিছতো সুধাকণ্ঠ তেওঁৰ সৃষ্টিৰ জৰিয়তে অজৰ–মৰ হৈ আছে৷ আজি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ লগতে ৰাজ্য চৰকাৰেও ড০ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপনৰ আয়োজন কৰিছে৷ মহানগৰীৰ জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্রত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে ‘স্মৃতিচাৰণ অনুষ্ঠান’ৰ৷ দিনৰ ১.৩০ বজাত অনুষ্ঠিতব্য এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ইয়াৰ উপৰি ৰাজ্যৰ প্রান্তে প্রান্তে বিভিন্ন সামাজিক অনুষ্ঠান–প্রতিষ্ঠান আৰু দল–সংগঠনেও সুধাকণ্ঠৰ জন্মদিনৰ আয়োজন কৰিছে৷

দীঘলীপুখুৰীপাৰত আছুৰ উদ্দীপনা

৯৬সংখ্যক জন্মদিনত সুধাকণ্ঠক শ্রদ্ধাঞ্জলি জনাবলৈ সদৌ অসম ছাত্র সন্থাই সদৌ কামৰূপ (ম) জিলা ছাত্র সন্থা আৰু সদৌ গুৱাহাটী ছাত্র সন্থাৰ সহযোগত প্রতি বছৰৰ দৰে আজি ‘উদ্দীপনা’ শীর্ষক অনুষ্ঠানৰ আয়োজন কৰিছে৷ দিনৰ ১০.৩০ বজাত দীঘলীপুখুৰীপাৰত থকা ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হয় আৰু সন্ধিয়া ৬ বজাত প্রতিমূর্তিস্থলীৰ বাকৰিত ‘উদ্দীপনা’ শীর্ষক অনুষ্ঠান আৰম্ভ হ’ব৷ ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সাংস্কৃতিক সম্পাদক তচেন ডেকাই এই কথা সদৰী কৰি কয়– ‘উদ্দীপনা’ অনুষ্ঠানত অসমৰ বিশ্ববিদ্যালয়ৰ লগতে অসমৰ প্রতিখন জিলাৰ একোখন নির্ধাৰিত মহাবিদ্যালয় আৰু গুৱাহাটী মহানগৰীৰ কেইখনমান নির্ধাৰিত মহাবিদ্যালয়ৰ শ্রেষ্ঠ কণ্ঠশিল্পীয়ে ড০ ভূপেন হাজৰিকাৰ একোটা গীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ ছাত্র সন্থাই ৰাইজক এই অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে৷ উল্লেখ্য যে ড০ ভূপেন হাজৰিকাৰ জীৱিত কালতেই ২০০৯ চনৰ পৰা সদৌ অসম ছাত্র সন্থাই সুধাকণ্ঠৰ ওপজা দিনটোত ‘উদ্দীপনা’ শীর্ষক অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু তেওঁৰ বিয়োগৰ পিছতো ওপজা দিনটোত ‘উদ্দীপনা’ শীর্ষক অনুষ্ঠানৰ আয়োজন কৰি আহিছে৷

You might also like