নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোপৰ ১৫ দেশৰ মুৰব্বী পদত মহিলা

ৰাষ্ট্রপতি–প্রধানম দায়িত্বেৰে দিছে দক্ষতাৰ পৰিচয়

নিয়মীয়াবাৰ্তা, ৮ ছেপ্টেম্বৰ: ব্রিটেইনৰ নতুন প্রধানমন্ত্রী হিচাপে নির্বাচিত হৈছে কনজার্ভেটিভ দলৰ নেত্রী লিজ ট্রাছ৷ কিন্তু ইউৰোপজুৰি অকল লিজ ট্রাছেই প্রধানমন্ত্রীৰ দায়িত্ব লাভ কৰা একমাত্র মহিলা নহয়৷ সম্প্রতি ইউৰোপৰ ৪৫খন দেশৰ ভিতৰত ১৫খন দেশতেই প্রধানমন্ত্রী বা ৰাষ্ট্রপতিৰ দায়িত্বত আছে মহিলা৷ মার্গাৰেট থেচ্ছাৰ, থেৰেছা মেৰ পিছত ব্রিটেইনত প্রধানমন্ত্রীৰ দায়িত্ব লাভ কৰা তৃতীয়গৰাকী মহিলা হৈছে লিজ ট্রাছ৷

ইফালে, ফ্রান্সতো চলিত বর্ষত প্রধানমন্ত্রীৰ দায়িত্ব লাভ কৰিছে ৬১ বছৰীয়া মহিলা এলিজাবেথ ব’র্নে৷ ডেনমার্কৰ প্রধানমন্ত্রীৰ দায়িত্বত আছে ৪১ বছৰীয়া মেট ফ্রেডৰিকছন৷ সেইদৰে ইষ্ট’নিয়াৰ প্রধানমন্ত্রী পদত আছে ৰিফর্ম পার্টীৰ নেত্রী কাজা কালাছ৷ ফিনলেণ্ডত ইউৰোপৰ সর্বকনিষ্ঠ মহিলা প্রধানমন্ত্রী হিচাপে দায়িত্ব পালন কৰি আছে ৩৩ বছৰীয়া ছানা মাৰিনে৷ সেইদৰে গ্রীচ, হাংগেৰী, আইচলেণ্ড, কছ’ভো, লিথুৱানিয়া, মলড’ভা, ছার্বিয়া, শ্লোভাকিয়া, ছুইডেন আদি দেশত প্রধানমন্ত্রী বা ৰাষ্ট্রপতিৰ দায়িত্বত আছে মহিলা ৰাজনীতিক৷ এই দিশৰ পৰা চাবলৈ গ’লে ইউৰোপত এতিয়া মহিলাই অভিলেখ গঢ়িছে৷

You might also like