আলফা(স্বাধীন)ৰ সৈতে আলোচনা হওক
এন ডি এফ বিৰ চাৰিওটা বিভাজিত গোটক একেলগে এখন মঞ্চত ডপৱিষ্ট কৰোৱাৰ লগতে বড়ো জনগোষ্ঠীৰ বিভিন্ন সংগ্রামী দল–সংগঠন–মঞ্চ সৈতে মিলি চৰকাৰে সম্পাদন কৰা বি টি আৰ চুক্তিয়ে অসমত স্থায়ী শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বিশেষকৈ হাতত অস্ত্র তুলি সংগ্রামৰ ভিন্ন ধাৰা এটা চলাই থকা অথবা যুদ্ধবিৰতিত থাকি সমস্যা সমাধানৰ প্রতীক্ষাত থকা সংগঠনসমূহৰ সৈতে ফলপ্রসূ আলোচনা সম্ভৱ বুলি ৰাজ্যৰ চৌদিশে এটা যোগাত্মক বাতাৱৰণ সৃষ্টি হৈছে৷ মূলতঃ এই আশাভৰা পৰিৱেশ সৃষ্টি হৈছে আলফা (স্বাধীনৰ) নেতা পৰেশ অসম ওৰফে পৰেশ বৰুৱা আৰু ৰাজ্য চৰকাৰৰ মুখপাত্র ড০ হিমন্ত বিশ্ব শর্মাৰ বক্তব্যৰ বাবে৷ এন ডি এফ বিৰে আলোচনাৰ পিছতে আলফা (স্বাধীনৰ) নেতাজনে এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ জৰিয়তে শান্তি আলোচনাৰ সপক্ষে ইতিবাচক মত প্রকাশ কৰে৷ তেওঁ অৱশ্যে সার্বভৌমত্বৰ চর্ততহে আলোচনাৰ মেজলৈ আহিব বুলি স্পষ্টকৈ কৈছে৷ চৰকাৰে চর্তটো গ্রহণ কৰাৰ কোনো ধৰণৰ ইংগিত নিদিলেও আৰম্ভণিতে যাতে আলোচনাৰ পৰিৱেশ বিনষ্ট নহয়, তালৈ সতর্ক দৃষ্টি ৰখা পৰিলক্ষিত হৈছে৷ ২০০৫ চনৰ পিছত এইটোৱেই সম্ভৱতঃ আলোচনাবিৰোধী আলফাৰে আলোচনাৰ ক্ষেত্রত চৰকাৰী পক্ষৰ নৰম আৰু ইতিবাচক দৃষ্টিভংগীৰ প্রথম প্রকাশ৷ সেই সময়ছোৱাত পৰেশ বৰুৱাই পি চি জি গঠনৰ জৰিয়তে আলোচনাৰ বাবে যথেষ্টখিনি আগ্রহ দেখুৱাইছিল৷ চৰকাৰী পক্ষৰো সঁহাৰি আছিল উদগনিমূলক৷ কিন্তু ফল নধৰিল৷ পূর্বতে আলোচনাৰ ক্ষেত্রত চৰকাৰে আলফাৰ পূর্বচর্তটোক পোনছাটে নাকচ কৰি আলোচনাৰ সকলো সম্ভাৱনা কলিতে মষিমূৰ কৰি দিছিল৷ এতিয়ালৈকে পৰেশ বৰুৱাৰ অবিহনে আলফাৰ যিকেইটা গোটৰ সৈতে চৰকাৰে আলোচনা কৰিছে, তাত প্রথমেই সার্বভৌমত্বৰ চর্ত পৰিহাৰ কৰা হৈছে৷ অৱশ্যে এইটো কথাও ঠিক যে সংবিধানৰ নামত শপত গ্রহণ কৰি শাসনত অধিষ্ঠিত হোৱা কোনো চৰকাৰে সার্বভৌমত্বৰ বিষয়ক লৈ কোনো সংগঠনৰ সৈতে আলোচনা কৰিব নোৱাৰে৷ ইয়াৰ সৈতে দেশৰ অখণ্ডতাৰ প্রশ্ন জড়িত হৈ থাকে৷ কিন্তু ইতিবাচক দৃষ্টভংগী থাকিলে পৰস্পৰৰ মাজত বিশ্বাস আৰু আস্থাৰ পৰিৱেশ এটা স্বতঃস্ফূর্তভাৱে গঢ় লৈ ডঠে৷ ইয়ে অনানুষ্ঠানিক স্তৰত চলা আলোচনাত যোগাত্মক প্রভাৱ পেলায়৷ ৰাজ্য চৰকাৰৰ মুখপাত্রগৰাকীয়ে এইটো দিশত গুৰুত্ব দি আলোচনাৰ ক্ষেত্রত চৰকাৰ যে গম্ভীৰ, সেইটো প্রতিফলিত কৰিবলৈ যথেষ্টখিনি সফল হৈছে৷ সকলো যদি এইটো দিশেৰে গৈ থাকে, কাৰণ যিয়েই নহওক কিয়, প্রতিষ্ঠা কালৰে পৰা আলোচনাৰ পৰা আঁতৰি থকা পৰেশ বৰুৱা এইবাৰ আলোচনালৈ অহাৰ প্রবল সম্ভাৱনা আছে৷ যদি এয়াই হয়, অসমবাসীৰ বাবে সঁচা অর্থত এইটো এটা সুখপ্রদ কথা হ’ব৷ ৰাজ্যখনত স্থায়ী শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত এইটো এটা মাইলৰ খুঁটি হৈ ৰ’ব৷
প্রতিষ্ঠাৰ দিনটোৰ পৰা ২০২০ চনৰ প্রথমটো মাহলৈকে আলফাই এটা দীঘলীয়া পথ অতিক্রম কৰি আহিল৷ সংগঠনটোৰ পন্থা, দাবী অথবা দর্শনক ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক লোকে মানি নল’লে বা সমর্থন নজনালেও সংগঠনটোৱে ডত্থাপন কৰা কিছুমান কথাত ৰাজ্যবাসীৰ দ্বিমত কম আছিল৷ হয়তো সেইবাবেই অসম আন্দোলনৰ দৰে দীঘলীয়া আন্দোলন এটাৰ সমাপ্তিৰ পিছতো ৰাজ্যখনৰ জনসাধাৰণে আলফাক দলিয়াই পেলোৱা নাছিল৷ আলফা গঠনৰ হোৱাৰ প্রথম দহ–পোন্ধৰ বছৰত ব্রহ্মপুত্র ডপত্যকাৰ সিংহভাগ জনসাধাৰণক সংগঠনটোৱে আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ স্বাধীন অসমৰ দাবী নতুবা সশস্ত্র পন্থাক সমর্থন নকৰা লোকেও সংগঠনটোৰ বক্তব্য আগ্রহেৰে শুনিছিল৷ কিন্তু পৰৱর্তী কালত সংগঠনটোৱে নিজেই এটা সমস্যাৰ ৰূপ পৰিগ্রহ কৰি ল’লে৷ আলফাক লৈ জনসাধাৰণৰ আগ্রহো লাহে লাহে কমি যাবলৈ ধৰিলে৷ অৱস্থা এনেকুৱা হ’ল যে শেহতীয়াকৈ সংগঠনটোৰ এটা পক্ষই চৰকাৰৰ সৈতে কি আলোচনা চলাই আছে, সেই আলোচনাৰ প্রাপ্তি কি হ’ব, তাক লৈও আগ্রহ দেখুওৱা লোকৰ সংখ্যা দিনক দিনে কমি গৈ থাকিল৷ যি নহওক, এতিয়া পুনৰ আলোচনাৰ পৰিৱেশ এটা ডভতি আহিছে৷ এন ডি এফ বিৰে শান্তি আলোচনাৰ পিছত আলফা–চৰকাৰৰ আলোচনাক লৈ মানুহৰ আগ্রহ আৰু আশা বৃদ্ধি পাবলৈ ধৰিছে৷ ইমান দিনে ধৰি লোৱা হৈছিল যে পৰেশ বৰুৱা অবিহনে আলফাৰ সৈতে যিকোনো ধৰণৰ আলোচনা অর্থহীন৷ এইবাৰ পৰেশ বৰুৱা আৰু চৰকাৰী পক্ষই ইতিবাচক দৃষ্টিভংগী দেখুৱাইছে৷ এই সুখকৰ আৰম্ভণিটোৰ পৰিসমাপ্তিও সুখকৰ হওক৷ লগতে চৰকাৰে এটা কথা মন কৰা দৰকাৰ৷ এইখন ৰাজ্যত যুদ্ধবিৰতি ঘোষণা কৰা কেইবাটাও সশস্ত্র সংগঠনৰ সৈতে বছৰৰ পিছত বছৰ ধৰি আলোচনা চলি আছে৷ কিন্তু আজিলৈকে সমাধান সূত্র ওলোৱা নাই৷ নোলোৱাৰ কাৰণ চৰকাৰী হেমাহি৷ চৰকাৰে সংগঠন এটাক আলোচনাৰ মেজলৈ অনাত যিমান গুৰুত্ব দিয়ে, আলোচনা প্রক্রিয়াটো চলাই নিয়াত নতুবা আলোচনাৰ পৰিসমাপ্তি ঘটাই চুক্তি এখন কৰাত তাৰ আধাও গুৰুত্ব নিদিয়ে৷ এন ডি এফ বিৰ সৈতেও আলোচনা প্রক্রিয়াটো সুদীর্ঘ কালধৰি চলিল৷ আলোচনা প্রক্রিয়াৰ মাজতে যুদ্ধবিৰত সংগঠনটোৰ মাজত বিভাজনো ঘটিল৷ অৱশেষত অৱশ্যে সংগঠনটোৰ সৈতে চুক্তি এখন হ’ল৷ কিন্তু ২০০১ চনৰ পৰা যুদ্ধবিৰতিত থকা কোব্রা মিলিটেণ্ট ফ’চ, বীৰছা কমাণ্ডো ফ’চসহ পাঁচটা আদিবাসী সংগঠনৰ সৈতে আজিও এখন চুক্তি কৰাৰ আগ্রহ নেদেখুৱালে কেন্দ্রীয় চৰকাৰে৷ ডপায়বিহীন হৈ সংগঠনকেইটাই পুনৰ হাতত অস্ত্র তুলি লোৱাৰ হুংকাৰ দিবলগীয়া হৈছে৷ এই ধাৰাবাহিতাৰ অন্ত পৰা দৰকাৰ৷ আলোচনা আৰম্ভ কৰিলেই নহ’ব, তাক শেষ কৰাতো যত্নপৰ হ’ব লাগিব৷