ভোলানাথ মহাবিদ্যালয়ত বক্তৃতানুষ্ঠানত হিমাচল প্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপ–কুলপতি ড৹ কুলদীপ চান্দ অগ্নিহোত্ৰী
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ: আজি ধুবুৰী ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয় আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত মহাবিদ্যালয়টোৰ প্ৰেক্ষাগৃহত আয়োজিত এক প্ৰৱোধন আৰু মত বিনিময় অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকি হিমাচল প্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপ–কুলপতি ড৹ কুলদীপ চান্দ অগ্নিহোত্ৰীৰ বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে আৰম্ভ হোৱা সেই সভাখনত মহাবিদ্যালয়খনৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা মৌচুমী ভট্টাচাৰ্য্যৰ অগ্নিস্তোত্ৰ পাঠে সকলোৰে মন মুহে আৰ তাৰপিছতেই আৰম্ভ হয় মূল বক্তৃতা অনুষ্ঠানৰ কাৰ্য্যসূচী।
উল্লেখ্য যে, আজিৰ সেই বিশেষ বক্তৃতা অনুষ্ঠানত ভোলানাথ মহাবিদ্যালয়ৰ উপৰিও জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষকে ধৰি একাংশ শিক্ষাগুৰুও অংশ ল’য়। দেশৰ সকলো নাগৰিকৰ মনত সীমা সুৰক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আয়োজিত ‘সীমা সুৰক্ষা, ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নাগৰিকৰ কৰ্তৱ্য’ শীৰ্ষক আজিৰ সেই বিশেষ বক্তৃতা অনুষ্ঠানটো মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই আঁত ধৰা আজিৰ সেই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ সভানেত্ৰী ড৹ প্ৰতিমা নিয়োগীয়ে। নিজৰ ভাষণত ড৹ নিয়োগীয়ে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়টো লৈ এক চমু ভাষণ প্ৰদান কৰে। সভাখনত মুখ্য বক্তাৰূপে উপস্থিত থকা দেশৰ বিশিষ্ট শিক্ষাবিদ তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ওপৰত বহু তথ্য সম্বলিত কিতাপৰ ৰচক ড৹ কুলদীপ চান্দ অগ্নিহোত্ৰীৰ এক মনোজ্ঞ ভাষণে উপস্থিত সকলোৰে মন মোহিত কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে সভাখনত মহাবিদ্যালয়খনৰ তৃতীয় ষাণ্মাষিকৰ ছাত্ৰী আস্থা বাল্মিকীয়ে স্বৰচিত কৱিতা পাঠ কৰে। নিজৰ দীঘলীয়া বক্তৃতাত ড৹ অগ্নিহোত্ৰীয়ে চুবুৰীয়া দেশ চীনে তিব্বত দখলৰ বিষয়টো উল্লেখ কৰি পুৰণি সেই ইতিহাস সাৱলীল ভাৱে ব্যাখ্যা কৰে। চীনৰ আগ্ৰাসী মনোভাৱে আগলৈ গৈ ভাৰতৰ প্ৰতি আনিব পৰা ভাৱুকিৰ ওপৰত আলোকপাতল কৰে তেওঁ। নিজৰ ভাষণত দেশৰ উত্তৰ–পশ্চিম আৰু উত্তৰ–পূৱৰ সীমালৈ বিস্তৃত সীমান্ত অঞ্চল আগুৰি থকা তিব্বতৰ এক বিশাল ভূখণ্ড চীনে দখল কৰাৰ সময়ত তদান্তীতন ভাৰত চৰকাৰৰ মন্ত্ৰীসভাৰ শীৰ্ষ মন্ত্ৰীৰ একাংশই দেখুওৱা উদাসীনতাৰ বিষয়টোও উল্লেখ কৰা পোৱা যায় ড৹ অগ্নিহোত্ৰীয়ে। মহাকাব্য ’মহাভাৰতৰ’ উদ্ধৃতি দি তেখেতে কয় যে, ‘যিয়ে নিজৰ দেশক মাতৃ বুলি ভাৱে তেওঁৰ উপলব্ধিত দেশ মাতৃকাৰ সীমা দখল কৰাৰ বিষয়টো নিজ মাতৃৰ বস্ত্ৰ হৰণ কৰা সদৃশ কাৰ্য্য ।’’
সৰু সৰু উপমা, হিন্দী কৱিতাৰ শাৰী, ইটালীৰ ৰোম ভ্ৰমণৰ সময়ত হোৱা নিজৰ উপলব্ধিকে ধৰি সৰু সৰু বিভিন্ন মনোগ্ৰাহী উপমা প্ৰয়োগেৰে ড৹ কুলকাৰ্ণীয়ে দিয়া নিজৰ বক্তৃতাত আৰু কয় যে, ‘‘যিয়ে নিজৰ দেশৰ হাজাৰ হাজাৰ বৰ্ষৰ ইতিহাসৰ সৈতে একাত্ম বোধ কৰে তেনে লোকে নিজৰ দেশক মাতৃৰূপে মানে; কিন্তু নিজৰ দেসৰ ইতিহাসৰ সৈতে নিজৰ শিপাডালৰ একাত্মবোধ নকৰা লোকৰ উপলব্ধিত নিজৰ দেশ কেৱল দেশ; দেশ মাতৃ নহয়।’’ দুখন দেশৰ মাজত থকা প্ৰাকৃতিক সীমাই বিবাদ নানে; কিন্তু অপ্ৰাকৃতিক সীমান্তই বিবাদ আনে বুলি নিজৰ ভাষণত এক গুৰুত্বপূৰ্ণও বিষয় উনুকিয়ায় তেওঁ। আনহাতে নিজৰ ভাষণত দেশ পাকিস্তানৰ প্ৰসংগ উত্থাপন কৰি ড৹ অগ্নিহোত্ৰীয়ে ভাৰতবৰ্ষ যাতে কেতিয়াও শক্তিশালীৰূপে আত্মপ্ৰকাশ কৰিব নোৱাৰে সেই উদ্দেশ্যৰেই ইংৰাজে পাকিস্তানৰ জন্ম দিছিল বুলি কয়। ভাষণৰ অন্তত উপস্থিত শিক্ষাগুৰুসকলৰ সৈতে ছাত্ৰ–ছাত্ৰীসকলৰ সীমান্ত সুৰক্ষাৰ বিষয়টোলৈ কিদৰে সচেতনতা অনা যায় তাৰ ওপৰত মত বিনিময় কৰে আৰু একাংশই শুধা বিভিন্ন প্ৰশ্নৰ উত্তৰ সাৱলীলতাৰে ব্যাখ্যা কৰে তেওঁ।
উক্ত মত বিনিময় অনুষ্ঠানত ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে মহাবিদ্যালয়খনে বহু কেইটা অতিৰিক্ত পাঠ্যক্ৰম চলাই থকা বুলি উল্লেখ কৰে আৰু অনাগত দিনত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সহযোগত নিজাববীয়াকৈ আৰু এটা অতিৰিক্ত পাঠ্যক্ৰম আৰম্ভ কৰাৰ বিষয়ে চিন্তা–চৰ্চা চলাই থকা হোৱা বুলি অৱগত কৰে। সভাখনত ভোলানাথ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট অধ্যাপক দেৱাশীষ ভট্টাচাৰ্য্যই আজিৰ বক্তৃতা অনুষ্ঠানৰ অনুভৱ ব্যাখ্যা কৰে। ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ ড৹ উপেন্দ্ৰজিৎ শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱাৰ অন্তত মহাবিদ্যালয়খনৰ ন- পুৰণি ছাত্ৰীসকলৰ বন্দেমাতৰম সংগীত পৰিবশনেৰে আজিৰ এই বিশেষ বক্তৃতানুষ্ঠানৰ সামৰণি পৰে। উল্লেখ্য যে, আজিৰ সভাখনত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক দেৱাশীষ দত্ত, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সভাপতি দিৱস অধিকাৰী প্ৰমুখ্যে ভোলানাথ মহাবিদ্যালয়খনৰ অন্যান্য শিক্ষাগুৰু, ছাত্ৰ–ছাত্ৰীকে ধৰি স্থানীয় মান্যগণ্য ব্যক্তি উপস্থিত আছিল।