নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ এন ডি এফ বিৰ আটাইকেইটা গোটে চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ শান্তি চুক্তি সম্পাদিত কৰাৰ পাছত এতিয়াও সশস্ত্ৰ পন্থা অৱলম্বন কৰি থকা পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা(স্বা)কো শান্তি আলোচনালৈ অহাৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰে৷ ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ স্বার্থতে আলফা (স্বা)ক শান্তি আলোচনা প্রক্রিয়াত চামিল হোৱাৰ আহ্বান জনায়৷ বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত এন ডি এফ বিৰ অস্ত্র সম্বৰণ অনুষ্ঠানত অংশগ্রহণ কৰি অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্ঢানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই আহ্বান জনায়৷ মন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বর্তমানৰ কেন্দ্রীয় চৰকাৰে অসমকে ধৰি উত্তৰ–পূবৰ স্থায়ী শান্তিৰ বাবে কাম কৰিছে৷ ‘ব্রু’ চুক্তিৰ জৰিয়তে মিজোৰামৰ পৰা ত্রিপুৰালৈ অহা শৰণার্থীসকলক ইতিমধ্যে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিলে৷ ইয়াৰ পাছতেই এন ডি এফ বিৰ চাৰিওটা গোটৰ সৈতে একে সময়তে শান্তি চুক্তি স্বাক্ষৰিত কৰিলে৷ ইয়াৰ ফলত বড়োলেণ্ডলৈ সম্পূর্ণ শান্তি উভতি আহিল৷ সম্পূর্ণৰূপে ৰাজ্যখনত স্থায়ী শান্তি অনাৰ বাবে শান্তি আলোচনাত এই মুহূর্তলৈ চামিল নোহোৱা আলফা (স্বা)কো মুকলি আলোচনাৰ বাবে আহিবলৈ তেওঁ আহ্বান জনায়৷ আলফাৰ আলোচনাপন্থী নেতাসকলৰ সৈতে শান্তি আলোচনাৰ প্রক্রিয়া বর্তমান চলি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আলফা (স্বা)য়ো এই আলোচনাত অংশগ্রহণ কৰি অসমক দেশৰ পাঁচখন শীর্ষ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ বাবে আগবাঢ়ি আহিব লাগে৷ আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনাত চামিল হোৱাৰ বাবে চৰকাৰে জনোৱা আহ্বান সম্পর্কত বৰুৱাই প্রচাৰ মাধ্যমত দিয়া মন্তব্য চৰকাৰে বিশ্লেষণ কৰি আছে৷ পৰেশ বৰুৱাৰ মন্তব্য চৰকাৰে ইতিবাচক হিচাপে গ্রহণ কৰিছে৷ অৱশ্যে এই মুহূর্তলৈ পৰেশ বৰুৱাৰ সৈতে চৰকাৰৰ পোনপটীয়া যোগাযোগ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বৰুৱাই প্রচাৰ মাধ্যমত আলোচনা সম্পর্কত যি মন্তব্য কৰিছে, সেয়া প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক অৱগত কৰা হ’ব৷ অহা ৭ ফেব্রুৱাৰীত মোদী আৰু শ্বাহ বড়ো শান্তি চুক্তিৰ বাবে কোকৰাঝাৰত আয়োজিত বিজয় উৎসৱত অংশগ্রহণ কৰিব৷ তেতিয়াই পৰেশ বৰুৱাৰ মন্তব্যৰ বিষয়টো অৱগত কৰা হ’ব৷ ড০ শর্মাই আৰু কয় যে নগা শান্তি চুক্তিও স্বাক্ষৰৰ পথত৷ যিকোনো সময়তে নগা শান্তি চুক্তি সম্পাদিত হ’ব৷ এতিয়া অসমৰ আলফা (স্বা) আৰু মণিপুৰৰ উগ্রপন্থী সংগঠনসমূহ শান্তি আলোচনাত আহিলেই সমগ্র উত্তৰ–পূর্বাঞ্চলত স্থায়ী শান্তি প্রতিষ্ঠা হ’ব৷