ধুবুৰী পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত দালাল কৰায়ত্তক লৈ আৰক্ষীৰ তৎপৰতা
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ কালি ধুবুৰীৰ জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয় চৌহদৰ পৰা ৰাইজে এজন দালালক আটক কৰি আৰক্ষীক গতাই দিয়াৰ পিছত আজি দুপৰীয়াৰ পিনে কাৰ্য্যলয়টোলৈ উপস্থিত হয় ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাব। জিলা পৰিবহন বিষয়াকে ধৰি কাৰ্য্যালয়ৰ অন্যান্য কৰ্মচাৰীৰে এক বৈঠকত মিলিত হোৱাৰ পিছত উপস্থিত সাংবাদিকৰে হোৱা কথা বতৰাত আৰক্ষী বিষয়াগৰাকীয়ে কালি ধৃত দালালটোৰ পৰা পাঁচটাকৈ আৰচি আৰু ড্ৰাইভিং লাইচেঞ্চ উদ্ধাৰ হোৱা বুলি সদৰি কৰে। তেখেতে অইনৰ আৰচি আৰু ড্ৰাইভিং লাইচেঞ্চসমূহ কিদৰে সেই যুৱকজনৰ হাতলৈ আহিল সেয়া লৈ আৰক্ষীয়ে অনুসন্ধান চলি থকা বুলি জনায়। তাৰোপৰি ধৃত সেই দালালজনৰ উপৰিও গোটেই ঘটনাক্ৰমৰ সৈতে কাৰ্য্যালয়টোৰ কোনো কৰ্মচাৰীও জড়িত হৈ আছে সেয়া লৈও তদন্ত চলাই থকা বুলিও অৱগত কৰিছে আৰক্ষী অধীক্ষক গুৰাৱে। আজি আৰক্ষী বিষয়াগৰাকীৰ উপস্থিতিত থুবুৰীস্থ সেই জিলা পৰিবহন বিভাগৰ সেই কাৰ্য্যালয়টোৰ বাহিৰে–ভিতৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযোগ নম্বৰৰ বেনাৰ আৰু পোষ্টাৰো লগোৱা দেখা যায় আজি। আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমাধ্যমৰ জড়িয়তে পৰিবহন বিভাগৰ এই কাৰ্য্যালয়কে ধৰি জিলাখনৰ যিকোনো চৰকাৰী বিভাগৰ বিৰূদ্ধে নিৰ্দিষ্ট তথ্য থাকিল তেওঁক অথৱা আৰক্ষীৰ সৈতে পোনপোটীয়াকৈ যোগাযোগ কৰিবলৈও ৰাইজক আহ্বান জনায়। স্মৰ্তব্য যে, যোৱাকালি একাংশ ক্ষুব্ধ ৰাইজে ধুবুৰীৰ জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয় চৌহদৰ পৰা ওৱাছিম আলফাৰুক ওৰফে ৰ’ণি নামৰ এজন যুৱকক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছিল। অভিযোগ অনুসৰি, দক্ষিণ শালমাৰাৰ জাহিদুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে প্ৰায় দুই বছৰমান পূৰ্বে দুটাকৈ ড্ৰাইভিং লাইচেঞ্চ বনাই দিয়াৰ প্ৰতিশ্ৰুতি মৰ্মে নামৰ যুৱক এজনক ১৩ হাজাৰ টকা প্ৰদান কৰিছিল। কিন্তু বহু দিনৰ পৰা তাঁত বাটি বাই দিয়া ধন অথৱা ড্ৰাইভিং লাইচেঞ্চ দুখনৰ এখনো নোপোৱাত ক্ষুব্ধ ইছলামে যোৱাকালি ধুবুৰীস্থ পৰিবহন বিভাগৰ কাৰ্য্যালয় চৌহদৰ পৰা একাংশ লোকৰ সহযোগত আজি দালালৰূপী সেই যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, ধুবুৰীৰ পৰিবহন বিভাগৰ কাৰ্য্যালয়ত কৰ্মৰত একাংশ কৰ্মচাৰীৰ সহযোগত দীৰ্ঘদিনৰ পৰাই কাৰ্য্যালয়টোত এক দালাল চক্ৰ সক্ৰিয় হৈ থকাৰো আছে এক দীৰ্ঘদিনীয়া অভিযোগ। ধৃত দালালৰূপী যুৱকজনৰ ঘৰ ধুবুৰী চহৰৰ ৫নং ৱাৰ্ডত।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী