নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰ্মিংহামত কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক জয়ী সুৰজ কোঁৱৰক ডিগবৈত আদৰণি

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ :  ইংলেণ্ডৰ ৱাৰ্মিংহামত ৬ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত কেডেট কুমিটে ৫৭ কেজি শাখাত তিনিচুকীয়া জিলাৰ ডিগবৈৰ সুৰজ কোঁৱৰে ৰূপৰ পদক লাভ কৰি দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। তিনিচুকীয়া জিলাৰ ডিগবৈ বিবেকানন্দ একাডেমিৰ দশম শ্ৰেণীৰ ছাত্ৰ সুৰজ কোঁৱৰ ডিগবৈ  পাণবাৰী গাঁও নিবাসী বিশ্ব কোঁৱৰ আৰু পদুমী কোঁৱৰৰ পুত্ৰ। আজি ইংলেণ্ডৰ পৰা আহি ডিব্ৰুগড়ৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই তিনিচুকীয়াৰ বহু শুভাকাংক্ষীয়ে সুৰজক আদৰি আনে ডিগবৈলৈ। বিমানবন্দৰৰ পৰা অহাৰ পথত মাকুমত বিপুল আদৰণি জনায় ক্ৰীড়াপ্ৰেমী লোকে। ডিগবৈ শ্বহীদ বেদী প্ৰাঙ্গণত  বিবেকানন্দ একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে ফুলাম গামোচাৰে সুৰজক উষ্ণ আদৰণি জনায়। ইপিনে, সুৰজৰ বাসস্থান পাণবাৰীত স্থানীয় গাঁওবাসীয়ে  গায়ন- বায়নেৰে বিপুল আদৰণি জনায়।
প্ৰেৰক ৰমণী বুঢ়াগোহাঁই
You might also like