নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ৰাজ্যত পুনৰ কণ্ঠশিল্পীক আক্ৰমণৰ ঘটনা। ধেমাজিত গায়ক ৰাজীৱ শদিয়াক আক্ৰমণ ৫জনীয়া দুৰ্বৃত্তৰ দলৰ। জোনাইত অনুষ্ঠান পৰিবেশন কৰি উভটি অহাৰ পথতেই শিল্পীগৰাকীৰ বাহনত আক্ৰমণ কৰে দলটোৱে। আক্ৰমণত আহত হয় গায়ক ৰাজীৱ শদিয়াৰ লগতে দুজন বাদ্যযন্ত্ৰী। আনহাতে সেই পথৰেই অনুষ্ঠান পৰিবেশন কৰি অহা বিপিন চাউদাঙে দুৰ্বৃত্তৰ দলটোক ৫০০০টকা দিয়াৰ পিছতহে আঁতৰি যায় আক্ৰমণকাৰী।
এই সমগ্ৰ ঘটনা ফেচবুক লাইভযোগে প্ৰকাশ কৰে ৰাজীৱ শদিয়াই। আনহাতে এই ঘটনাত আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি মন্তব্য কৰে এজন ভুক্তভোগীয়ে। চিলাপথাৰ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ।