নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউট্ৰিচন আৰু ডায়েটিক্স; এটি স্বাস্থ্যসন্মত কেৰিয়াৰ

ড০ চৱন কুমাৰ শর্মা

নিউট্ৰিচন আৰু ডায়েটিক্সৰ পাঠ্যক্রমে কোনো এখন দেশৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত স্বাস্থ্য আৰু পুষ্টিজনিত সমস্যাক আঙুলিয়াই দি এই সমস্যাবোৰৰ বিশদ অধ্যয়ন আৰু পৰিপূৰক প্রভাৱৰ বিশ্লেষণ আগবঢ়ায়৷ সামাজিক, অর্থনৈতিক আৰু বিজ্ঞানসন্মত বা প্রযুক্তিগত সমাধান সূত্রৰ দিশসমূহ চৰকাৰ বা চৰকাৰী হেল্থ ব’ডিজবোৰক অৱগত কৰোৱাত সহায় কৰে৷ স্বাস্থ্য আৰু পুষ্টিজনিত সমস্যাৰ ব্যৱস্থাপনা আৰু পৰিচালনাৰ নতুন নতুন পদ্ধতিসমূহ ডদ্ভাৱন আৰু এইবোৰৰ গৱেষণা এই পাঠ্যক্রমৰ অন্য এটা দিশ৷ ভাৰতবর্ষত ১৯৩০ চনতে গার্হস্থ্য বিজ্ঞানৰ বিষয় হিচাপে নিডড্রিচনেল অধ্যয়ন আৰম্ভ কৰা হৈছিল যদিও প্রকৃত অর্থত ১৯৬০ চনমানৰ পৰাহে নিডড্রিচন শিক্ষাই গুৰুত্ব লাভ কৰে৷ বর্তমান ভাৰতবর্ষত বহুকেইটা শিক্ষানুষ্ঠানে নিডড্রিচন আৰু ডায়েটিক্সৰ পাঠ্যক্রম একেলগে প্রদান কৰে যদিও নিডড্রিচনিষ্ট আৰু ডায়েটিচিয়ানৰ মাজত এটি সৰু প্রভেদ দেখা যায়৷ ডায়েটিচিয়ানসকলে ব্যক্তিগত বা সামাজিক পর্যায়ত পুষ্টিৰ প্লেন আৰু পর্যবেক্ষণ কৰে৷ আনহাতে নিডড্রিচিয়ানে পুষ্টিৰ ডপৰি খাদ্য বিজ্ঞান আৰু জৈৱ ৰসায়নৰ অধ্যয়ন কৰে৷ অৱশ্যে মকৰলৰ স্থান আৰু কার্যৰ ওপৰত নির্ভৰ কৰি একেজন দুয়োটা বা পৃথক পৃথক হ’ব পাৰে৷
মধুমেহ, হাইপাৰটেনচন, হার্ট ডিজিজ আদি বৃদ্ধিৰ ফলত স্বাস্থ্যসন্মতভাৱে থকা আৰু অত্যধিক কেল’ৰিযুক্ত খাদ্য যাতে গ্রহণ নকৰে, এই বিষয়ত সমগ্র বিশ্বজুৰি জাগৰণৰ সৃষ্টি হৈছে৷ যাৰ ফলস্বৰূপে নিউট্ৰিচনিষ্ট আৰু ডায়েটিক্সৰ চাহিদা ভাৰতবর্ষকে ধৰি বিশ্বৰ আন আন দেশবোৰত আগৰ তুলনাত বহুগুণে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে৷ ভাৰতবর্ষক খাদ্যজনিত বেমাৰৰ গ্লোবেল ৰাজধানী বুলি কোৱা হয়, য’ত অনাগত দিনবোৰত নিউট্ৰিচনিষ্ট আৰু ডায়েটিক্সৰ চাহিদা আৰু অধিক বৃদ্ধিৰ সম্ভাৱনাৰ পূর্বানুমান কৰা হৈছে৷ সেয়েহে আমাৰ ছাত্র–ছাত্রীয়ে নিউট্ৰিচনিষ্ট আৰু ডায়েটেচিয়ানৰ পাঠ্যক্রম গ্রহণ কৰি নিজে স্বাস্থ্যৱান হৈ নিজৰ বাবে স্বাস্থ্যসন্মত কেৰিয়াৰ গঢ় দিব পাৰে৷

কোনে পঢ়িব পাৰিবঃ
উচ্চতৰ মাধ্যমিক পর্যায়ত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানত নূ্যনতম ৫০ শতাংশ নম্বৰসহ উত্তীর্ণ যিকোনো ছাত্রই নিউট্ৰিচন আৰু ডায়েটিক্সৰ স্নাতক পাঠ্যক্রমৰ বাবে আবেদন কৰিব পাৰে৷ কিছুমান শিক্ষানুষ্ঠানে জীৱ বিজ্ঞানৰ সলনি ডদ্ভিদ বিদ্যা, প্রাণী বিজ্ঞান, কম্পিডটাৰ বিজ্ঞান বা জৈৱ ৰসায়নৰ যিকোনো এটা বিষয় থাকিলেও এই পাঠ্যক্রমৰ বাবে আবেদন গ্রহণ কৰা দেখা যায়৷
আনহাতে নিউট্ৰিচন আৰু ডায়েটিক্স, জৈৱ ৰসায়ন, এপ্লাইড নিডড্রিচন, ডায়েটিক্স, গার্হস্থ্য বিজ্ঞান, মাইক্র’বায়’লজী অথবা চিকিৎসা বিজ্ঞানৰ স্নাতকসকলে এই পাঠ্যক্রমৰ স্নাতকোত্তৰ পাঠ্যক্রম গ্রহণ কৰিব পাৰে৷
ক’ত পঢ়িব পাৰিঃ
ভাৰতবর্ষত নিউট্ৰিচন আৰু ডায়েটিক্সৰ পাঠ্যক্রম প্রদান কৰা বহুকেইখন শিক্ষানুষ্ঠান আছে, তাৰে কেইখনমান তলত ডল্লেখ কৰা হ’ল–
১৷National Institute of Nutrition, Hyderabad.

এই শিক্ষানুষ্ঠানত এপ্লাইড নিডড্রিচনৰ স্নাতকোত্তৰ পাঠ্যক্রম গ্রহণ কৰাৰ সুবিধা আছে৷ চিকিৎসা বিজ্ঞান, গার্হস্থ্য বিজ্ঞান, এপ্লাইড নিডড্রিচন, জৈৱ ৰসায়ন, নার্ছিং আদিৰ স্নাতকসকলে আবেদন কৰিব পাৰে৷ ইয়াৰ ডপৰি এই শিক্ষানুষ্ঠানেPost Graduate Certificate Course in Nutrition (PGCCN) পাঠ্যক্রম প্রদান কৰে৷
২৷Institute of Home Economics, University of Delhi.

এই শিক্ষানুষ্ঠানে খাদ্য প্রযুক্তি আৰু গার্হস্থ্য বিজ্ঞান Food and Nutrition Specialization)ৰ স্নাতক আৰু খাদ্য আৰু নিডড্রিচনৰ স্নাতকোত্তৰ পাঠ্যক্রম প্রদান কৰে৷ ইয়াৰ ডপৰি চিকিৎসা বিজ্ঞান, জৈৱ ৰসায়ন, নার্ছিং, খাদ্য প্রযুক্তি, নিডড্রিচন, ডায়েটিক্স, গার্হস্থ্য বিজ্ঞানৰ স্নাতকসকলেP.G. Diploma in Dietetics and Public Health Nutritionৰ পাঠ্যক্রম গ্রহণ কৰিব পাৰে৷
৩৷Osmania University, Hyderabad.

এই শিক্ষানুষ্ঠানেB. Sc. In Clinical Nutrition and Dietetics, B. Sc. In Applied Nutrition and Public Health আৰ M. Sc. In Food and Nutritionৰ পাঠ্যক্রম প্রদান কৰে৷
৪৷University of Mysore, Karnataka.

এই বিশ্ববিদ্যালয়ত খাদ্য বিজ্ঞান আৰু নিডড্রিচনৰ স্নাতকোত্তৰ পাঠ্যক্রম গ্রহণ কৰিব পাৰি৷
৫৷Indira Gandhi National Open University (IGNOU), New Delhi.

এই শিক্ষানুষ্ঠানত খাদ্য আৰু নিডড্রিচনৰ চার্টিফিকেট আৰু স্নাতকোত্তৰ পাঠ্যক্রম মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ অধীনত গ্রহণ কৰিব পাৰি৷
৬৷Assam Down Town University, Guwahati.

এই শিক্ষানুষ্ঠানে খাদ্য নিডড্রিচন আৰু ডায়েটিক্সৰ স্নাতক অথবা স্নাতকোত্তৰ পাঠ্যক্রম প্রদান কৰে৷
ক’ত চাকৰি পাবঃ
নিডড্রিচন আৰু ডায়েটিক্সৰ পাঠ্যক্রম গ্রহণ কৰা ছাত্র–ছাত্রীয়ে বিভিন্নHospital, Nursing Home, Catering বিভাগ, হোটেল–ৰেষ্টুৰেণ্ট, চৰকাৰী স্বাস্থ্য বিভাগ আদিত নিজৰ বাবে এটি কর্মসংস্থানৰ ব্যৱস্থা কৰিব পাৰে৷

You might also like