নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চণ্ডীগড় বিমানবন্দৰৰ নতুনকৈ নাম ৰখা হ’ল ‘শ্বহীদ ভগত সিং বিমানবন্দৰ’

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: তিনি দিন পাছতেই শ্বহীদ ভগত সিঙৰ জন্মদিন৷ ২৮ ছেপ্টেম্বৰত ভগত সিঙৰ জন্মজয়ন্তীৰ পূর্বে কালি ৯৩সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতা সংগ্রামী ভগত সিঙলৈ শ্রদ্ধা জ্ঞাপন কৰে৷ এই প্রসংগতে প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে যে চণ্ডীগড় বিমানবন্দৰৰ নাম সলনি কৰি কৰা হ’ব শ্বহীদ ভগত সিং বিমানবন্দৰ৷

জানিব পৰা গৈছে যে পঞ্জাব আৰু হাৰিয়ানা দুয়োখন ৰাজ্যৰ চৰকাৰৰ সন্মতিত সলনি হৈছে চণ্ডীগড় বিমানবন্দৰৰ নাম৷ ইয়াৰ উপৰি কালি ‘মন কী বাত’ত প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে যে দেশলৈ চিতা বাঘৰ প্রত্যাৱর্তনৰ ফলত সমগ্র ভাৰতবাসী গর্বিত হৈছে৷ ১৭ ছেপ্টেম্বৰত নিজৰ জন্মদিনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নামিবিয়াৰ পৰা অনা ৮টা চিতা বাঘ মধ্যপ্রদেশৰ কুনো পালপুৰ ৰাষ্ট্রীয় উদ্যানত মুকলি কৰি দিছে৷ চিতাৰ ৰক্ষণাবেক্ষণৰ বাবে এটা বিশেষ টাস্ক ফ’ৰ্চক দায়িত্ব দিয়া বুলিও প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷   ‘মন কী বাত’তে চিতাক লৈ প্রচাৰৰ বাবে দেশবাসীৰ পৰা এটা নাম বিচাৰে প্রধানমন্ত্রী মোদীয়ে৷

You might also like