নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: পঞ্জাবৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্রী নিৱাসৰ স্নান কৰি থকা ভিডিঅ’ ফাদিল হোৱা ঘটনাক লৈ দেশজুৰি উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ সময়তে এইবাৰ মাদুৰাইত অনুৰূপ অভিযোগ উত্থাপন হৈছে৷ তামিলনাডুৰ মাদুৰাইৰ হোষ্টেলৰ আৱাসীসকলৰ স্নান আৰু পোছাক সলনি কৰি থকা ভিডিঅ’ বন্ধুলৈ প্রেৰণ কৰাৰ অভিযোগ উঠিছে বিএড শিক্ষার্থী এগৰাকীৰ বিৰুদ্ধে৷ লগে লগে এই ঘটনাক লৈ তামিলনাডুত সৃষ্টি হৈছে অস্থিৰতা৷ অভিযুক্তৰ নাম কালীশ্বৰী৷ মাদুৰাইৰ এখন বেচৰকাৰী মহাবিদ্যালয়ত বিএড শিক্ষা গ্রহণ কৰি আছে কালীশ্বৰীয়ে৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, কালীশ্বৰীয়ে সমস্ত ভিডিঅ’ তেওঁৰ বন্ধু আছিকলৈ প্রেৰণ কৰি থাকে৷ তিনি বছৰ পূর্বে আছিক বিবাহপাশত আবদ্ধ হৈছিল যদিও কালীশ্বৰীৰ সৈতে নতুনকৈ বন্ধুত্ব স্থাপন হৈছে৷ আছিকৰ আছে নিজৰ ক্লিনিক৷ বর্তমান আছিক আৰু কালীশ্বৰীক গ্রেপ্তাৰ কৰি জেৰা চলাই আছে আৰক্ষীয়ে৷