খনামুখত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী বাছে মহতিয়ালে এল্ট’ আৰু ভানক
নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে । জানিব পৰা মতে বালিপৰা-ধেমাজি সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে তেজপুৰ-নগাঁও অভিমুখী এ এছ ১২ বি চি ২১২৩ নম্বৰৰ এখন তীব্ৰবেগী আলট্ৰা যাত্ৰীবাহী বাছে প্ৰথমে এখন বিপৰীত দিশৰপৰা আহি থকা মাৰুতী ভানত খুন্দা মৰাৰ পিছতে এখন এল্ট’ গাড়ীত খুন্দা মাৰে । ফলত মাৰুতী ভানখনৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হয় । লগতে মাৰুতী এল্ট গাড়ীখন পথৰপৰা ছিটিকি পথৰ দাঁতিত দ খাৱৈত বাগৰি পৰে । ঘটনাটোত আটাইকেইখন গাড়ীৰ আৰোহীৰ মাজৰ কেইবাজনো গুৰুতৰভাৱে আহত হৈছে । আহতসকলক পিছত ৰাইজৰ সহযোগত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ নিয়া হয় । ঘটনাটোৰ ফলত সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোত যান-জঁটৰ সৃষ্টি হয় ।
উল্লেখ্য যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক এচাম আলট্ৰা বাছে যান-বাহন আইনক ভেঙুচালি কৰি তীব্ৰ বেগত বাহন পৰিচালনা কৰাৰ লগতে যাত্ৰী কঢ়িওৱাৰ এক অঘোষিত প্ৰতিযোগিতাত নামি পৰাৰ ফলত বালিপৰা অঞ্চলত প্ৰায়েই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।