নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত শিশুৰ আহাৰৰ নামত লুণ্ঠন

সংহত শিশু উন্নয়ন আঁচনি ৰূপায়ণত দুর্নীতি বিষয়া–কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা,১ ফেব্ৰুৱাৰীঃ নগাঁও জিলা সমাজ কল্যাণ বিভাগত ব্যাপক দুর্নীতি সংঘটিত হৈছে ৷ সংহত শিশু উন্নয়ন আঁচনি ৰূপায়ণৰ নামত নগাঁৱত জিলা সমাজ কল্যাণ বিষয়াৰ কার্যালয়ৰ পৰা অংগনৱাডী কেন্দ্রটোলৈকে অবাধ দুর্নীতিয়ে ছানি ধৰিছে৷ চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণেৰে শিশু–প্রসূতিৰ সেৱা কৰাতকৈ সকলোৰে চকু কেৱল শিশু খাদ্যৰ বাবদ আবণ্টিত বিশাল চৰকাৰী ধনৰ ওপৰতহে৷ উত্থাপিত অভিযোগ মতে, সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত শিশু, প্রসূতিৰ লগতে কিশোৰীক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত আবণ্টিত ধনৰ ওপৰত লুণ্ঠন চলাই নোদোকা হোৱাটোৱেই যেন মুখ্য কাম হৈ পৰিছে নগাঁও জিলা সমাজকল্যাণ বিভাগৰ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীসক বাবে৷ অংগনৱাডী কর্মীৰ পৰা আৰম্ভ কৰি জিলা সমাজকল্যাণ বিষয়ালৈকে সকলোৰে সামূহিক লুণ্ঠনৰ বাবেই জিলাখনত সংহত শিশু উন্নয়ন আঁচনিখন প্রহসনত পৰিণত হৈছে ৷

উল্লেখ্য যে নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কার্যালয়ৰ অধীনত নগাঁও জিলাৰ ১৪টা আৰু নৱগঠিত হোজাই জিলাৰ ৬টা সংহত শিশু উন্নয়ন প্রকল্প আছে৷ এই শিশু উন্নয়ন প্রকল্পসমূহ হ’ল বটদ্রৱা, দলংঘাট, খাগৰিজান, নগাঁও আৰৱান, পাখিমৰীয়া, ৰহা, জুৰীয়া, ৰূপহী, বাজিয়াগাঁও, লাওখোৱা, কঠীয়াতলী, বঢ়মপুৰ, কলিয়াবৰ, পশ্চিম কলিয়াবৰ, উদালি, লংকা, লামডিং, বিন্নাকান্দি, যোগীজান আৰু ঢ়লপুখুৰী৷ জিলাখনত চৰকাৰীভাৱে অনুমোদিত মুঠ অংগনৱাডী কেন্দ্রৰ সংখ্যা ৬,১৯২টা ৷ কিন্তু বিভাগীয় নথিত উল্লেখ থকা মতে, ইয়াৰে ৫,৯১৮টা অংগনৱাডী কেন্দ্রহে বর্তমানে কার্যক্ষম অৱস্থাত আছে৷ সমাজ কল্যাণ বিভাগৰ তথ্য অনুসৰিয়েই নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ ২৭৪টা অংগনৱাডী কেন্দ্রই নিষ্ক্রিয় অৱস্থাত আছে ৷ নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কার্যালয়ৰ অধীনস্থ বিশটা সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনৰ ৫,৯১৮টা অংগনৱাডী কেন্দ্র বর্তমানে কার্যক্ষম হৈ থকা বুলি বিভাগীয় তথ্যত উল্লেখ আছে যদিও ইয়াৰে অধিকাংশই কেৱল কাগজে–কলমেহে চলি আছে বুলি ৰাইজে অভিযোগ তুলিছে ৷

বাস্তৱ ক্ষেত্রত জিলাখনৰ ৫,৯১৮টা অংগনৱাডী কেন্দ্রৰ ভিতৰৰ কেইবাশ অংগনৱাডী কেন্দ্র, মিনি কেন্দ্রৰো অধিকাংশৰেই অস্তিত্বইবিচাৰি পাবলৈ নাই৷ অথচ সেই অংগনৱাডী কেন্দ্রসমূহৰ নামতো প্রতিমাহে শিশু, গর্ভৱতী মহিলা, প্রসূতিক পুষ্টিকৰ খাদ্য খুওৱাৰ নামত হাজাৰ হাজাৰ টকা আবণ্টন দি থকা হৈছে৷ অভিযোগ মতে নগাঁও জিলাৰ বিভিন্ন সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনস্থ অংগনৱাডী কেন্দ্রত ৬ মাহৰ পৰা ৩ বছৰৰ ২০–৮০টা পর্যন্ত শিশু, তিনি বছৰৰ পৰা ছয় বছৰ বয়সৰ ২০–৫০টা পর্যন্ত শিশু, ১২–৩০গৰাকী পর্যন্ত গর্ভৱতী মহিলা, ৭–৩০গৰাকী পর্যন্ত প্রসূতিক প্রতিদিনে পুৱা পুষ্টিকৰ আহাৰৰ নামত ফলমূল, খিচিৰী, কণী, চুজি আদি খুৱাই থকা দেখুৱাই ভুৱা তথ্যৰেই লাখ লাখ টকা লুণ্ঠন চলাই থকা হৈছে৷ কিয়নো জিলাখনৰ কোনো এটা অংগনৱাডী কেন্দ্রতেই ৮–১০টা শিশুতকৈ বেছি শিশুৰ আগমন নঘটে৷ যিকেইটা শিশুৰ আগমন ঘটে তেওঁলোকৰ বয়স ১–৩বছৰ বয়সৰ ভিতৰৰ৷ ৪–৬বছৰ বয়সৰ কোনো এটা শিশু নাযায় কোনো এটা অংগনৱাডী কেন্দ্রলৈ৷ কিয়নো সেই বয়সৰ শিশুসকল চৰকাৰী অথবা বেচৰকাৰী খণ্ডৰ বিদ্যালয়লৈহে যায় তাত আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিবলৈ৷ তদুপৰি, জিলাখনৰ অংগনৱাডী কেন্দ্রসমূহত কোনো এগৰাকী কিশোৰী, গর্ভৱতী মহিলা, প্রসূতিয়ে খাদ্য গ্রহণ কৰিবলৈ নাযায়৷ অথচ ভুৱা শিশু, ভুৱা কিশোৰী, ভুৱা গর্ভৱতী মহিলা আৰু ভুৱা প্রসূতিৰ নামতেই পুষ্টিকৰ আহাৰৰ নামত প্রতিমাহে লাখ লাখ টকাৰ আবণ্টত লাভ কৰি আহিছে নগাঁও সমাজ কল্যাণ বিভাগে৷ এই ভুৱা হিতাধিকাৰীৰ নামতেই পুষ্টিকৰ আহাৰৰ নামত প্রতিটো অংগনৱাডী কেন্দ্রৰ একাউণ্টত প্রতিমাহে হাজাৰ হাজাৰ টকা জমা হয়৷ নাম প্রকাশত অনিচ্ছুক একাংশ অংগনৱাডী কর্মীয়ে অভিযোগ কৰা মতে, তেওঁলোকৰ অংগনৱাডী কেন্দ্রৰ বিপৰীতে যি ধন আবণ্টত হয় তাৰ আধা ধন ছুপাৰভাইজৰ, চিডিপি’ আনকি জিলা বিষয়াকো দিব লাগে৷ ফলত বিভাগীয় খাদ্য তালিকা অনুসৰি শিশুক খাদ্য যোগান ধৰিব নোৱাৰে৷ নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কার্যালয়ৰ অধীনস্থ বিভিন্ন সংহত শিশু উন্নয়ন প্রকল্পৰ অংগনৱাডী কেন্দ্রসমূহৰ হিতাধিকাৰীৰ বিপৰীতে সমাজ কল্যাণ বিভাগে একাংশ ঠিকাদাৰৰ জৰিয়তে চাউল আৰু মটৰ মাহ যোগান ধৰাৰ নামতো কোটি কোটি টকাৰ দুর্নীতি সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি, জিলাখনৰ অংগনৱাডী কেন্দ্রসমূহলৈ চৰকাৰে যিমান পৰিমাণৰ চাউল–মটৰ আবণ্টন দিয়ে তাৰ আধাহে আহি নগাঁও পায়হি৷ সমাজ কল্যাণ বিভাগৰ একাংশ বিষয়া আৰু ঠিকাদাৰৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই আবণ্টিত সামগ্রী আদবাটতে হৰলুকী হয় বুলিও অভিযোগ উত্থাপিত হৈছে৷ ইপিনে, যি পৰিমাণৰ চাউল আৰু মটৰ অংগনৱাডী কেন্দ্রসমূহে লাভ কৰে তাৰো ছান কঢ়া হয়৷ আনহাতে, জিলাখনত যিহেতু অসংখ্য অংগনৱাডী কেন্দ্র কেৱল কাগজে–কলমেহে চলি আছে, সেই কেন্দ্রসমূহৰ বিপৰীতে আবণ্টিত চাউল–মটৰ বাহিৰে বাহিৰে ক’লা ব্যৱসায়ীৰ গুদামলৈ যায়৷ ইপিনে, অংগনৱাডী কেন্দ্রসমূহত যিমানসংখ্যক হিতাধিকাৰী থকা বুলি বিভাগীয় নথিত উল্লেখ কৰা হৈছে তাৰ আশী শতাংশই ভুৱা৷ বিশ শতাংশৰো মাত্র দহ শতাংশ হিতাধিকাৰীও যিহেতু কেন্দ্রসমূহলৈ নাযায়, সেয়েহে অবণ্টিত চাউল–মটৰ অংগনৱাডী কর্মী, সহায়িকা, ছুপাৰভাইজৰসকলৰ্ ভোগৰ সামগ্রী হৈ পৰে৷ অৱশ্যে একাংশ অংগনৱাডী কেন্দ্রত তালৈ নিয়মিতভাৱে যোৱা এমুঠি শিশুক এক–দুই কেজি চাউল আৰু আধা কেজি মটৰ ঘৰলৈ নিবলৈ দিয়া হয়৷ সমাজ কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ নির্দেশনা অনুসৰি সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনস্থ প্রতিটো অংগনৱাডী কেন্দ্রৰ ৬ মাহৰ পৰা ৩বছৰ বয়ষৰ আৰু ৩বছৰৰ পৰা ৬বছৰ বয়সৰ হিতাধিকাৰীসকলক প্রতিদিনে (দেওবাৰ বাদ দি) আঠ টকা মূল্যৰ পুষ্টিকৰ খাদ্য, পুষ্টিহীনতাত ভোগা শিশুক প্রতিদিনে ১২ টকা মূল্যৰ পুষ্টিকৰ খাদ্য, প্রতিগৰাকী গর্ভৱতী মহিলা আৰু প্রসূতিক ৯.৫০ টকা মূল্যৰ পুষ্টিকৰ খাদ্য খুৱাব লাগে৷ তদুপৰি, এই হিতাধিকাৰীসকলক ঘৰত খাবলৈ উন্নত মানৰ চাউল আৰু মটৰ মাহ যোগান ধৰিব লাগে৷ এই হিতাধিকাৰীসকলক অংগনৱাডী কেন্দ্রত প্রতিদিনে পুৱা ফলমূল দিয়াতো বাধ্যতামূলক৷ তদুপৰি সোমবাৰে খিচিৰী, মঙলবাৰে পায়স, বুধবাৰে কণী আৰু খিচিৰী, বৃহস্পতিবাৰে চুজি লুথুৰি, শুকুৰবাৰে খিচিৰী আৰু শনিবাৰে চুজি লুথুৰি খুৱাব লাগে৷ কিন্তু অতি পৰিতাপৰ বিষয় যে নগাঁও জিলাত এই চৰকাৰী নির্দেশনা ধোঁৱা চাঙত উঠিল৷ জিলাখনৰ কোনো এটা অংগনৱাডী কেন্দ্রতেই বিভাগীয়ভাৱে নির্ধাৰণ কৰি দিয়া খাদ্য তালিকা অনুসৰি শিশু, কিশোৰী, গর্ভৱতী মহিলা আৰু প্রসূতিক খাদ্য যোগান ধৰা নহয় ৷ অধিকাংশ অংগনৱাডী কেন্দ্রতেই চৰকাৰী খাদ্য তালিকা অনুসৰি খাদ্য যোগান ধৰা নহয় ৷

You might also like