ৰঙিয়া ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ দাবীত ডিআৰএমক স্মাৰক-পত্ৰ আছুৰ
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : ৰঙিয়া ষ্টেচনত ১২৪২৩/২৪ নম্বৰৰ ৰাজধানী এক্সপ্রেছ দৈনিক ৰখোৱাৰ লগতে স্থানীয় যাত্ৰীবাহী ৰেল সমূহ চলোৱাৰ দাবীত আজি আছুৱে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰবন্ধকক এখন স্মাৰক-পত্র প্ৰদান কৰে । ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে ডিআৰএমক দিনৰ ভাগত উক্ত স্মাৰক-পত্ৰ প্ৰদান কৰে । এই সন্দৰ্ভত জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে ছাত্র সন্থা , ৰেল ডিভিজন সংগ্ৰাম পৰিষদ আৰু ৰঙিয়াবাসীৰ ৰাইজৰ অশেষ কষ্ট , ত্যাগ আৰু আন্দোলনৰ ফলশ্ৰুতিত ৰেল ডিভিজন স্থাপন হৈছিল । কিন্তু পৰিতাপৰ বিষয় যে ৰঙিয়াত ৰাজধানী এক্সপ্রেছ এতিয়ালৈকে দৈনিক ৰখোৱাৰ ব্যৱস্থা কৰা হোৱা নাই । ৰঙিয়াবাসীৰ লগতে ধেমাজি , লখিমপুৰ , গোগামুখ , নলবাৰী , বৰপেটা , তামুলপুৰ আদিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰো মানুহৰ ৰেলৰ সংযোগ স্থলী ৰঙিয়া ৰেল ষ্টেচন । এই ষ্টেচনৰ পৰা বিভিন্ন থাইলৈ ৰেলৰ জৰিয়তে অহা যোৱা কৰে । কিন্তু এই ষ্টেচনত ৰাজধানী এক্সপ্রেস ৰেল গাড়ী খন দৈনিক নৰখোৱাৰ ফলত যাত্রী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে বুলি ছাত্র নেতা দাসে দোহাৰে । অত্যাধিক ধন আৰু সময় খৰছ কৰি যাত্রী সকলে ৰাজধানী এক্সপ্রেছৰ বাবে গুৱাহাটীলৈ যাব লগীয়া হয় । সেইবাবে যাত্রী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া ষ্টেচনত ৰাজধানী এক্সপ্রেছ ৰখোৱাৰ বাবে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰবন্ধকক স্মাৰক পত্র প্ৰদান কৰা হয় । লগতে স্থানীয় ৰেল কেইবাখনো লক ডাউনৰ গইনা লৈ বন্ধ কৰি দিয়া হৈছে । ইয়াৰ ফলত বহু ছাত্র-ছাত্ৰী, সাধাৰন নাগৰিক, চিকিৎসা লৈ যোৱা ৰোগী, ব্যৱসায়ী সকল অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে । লক ডাউনৰ ফলত বন্ধ কৰি ৰখা ৰেল সমূহ পুনৰ চলাচল কৰাৰ বাবে তেওঁ দাবী জনায় । উক্ত সঁজাতি দলত থকা জিলা ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমানে কয় যে ৰেল সেৱা কম খৰচী আৰু কম সময়ৰ ভিতৰত গন্তব্য স্থান পোৱা এক আৰামদায়ক যাতায়তৰ মাধ্যম । কিন্তু বিভাগীয় হেমাহিৰ বাবে ৰাইজে ৰেলৰ উপযুক্ত সুবিধাৰ পৰা বঞ্চিত হব লগা হৈছে । এই ক্ষেত্ৰত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদগৰাকীক গুৰুত্ব পূর্ণ ভূমিকা লৈ ৰাজধানী এক্সপ্রেছখন ৰখোৱাৰ ব্যবস্থা কৰিবলৈ দাবী জনায় । উক্ত সঁজাতি দলটোত উপস্থিত থাকে জিলা ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহ সদস্য বুবুল আলী, আঞ্চলিক ছাত্র সন্থাৰ জয়ন্ত শৰ্মা , মৃন্ময় কুমাৰ ডেকা, নৱ নিৰ্বাচিত সম্পাদক নৱ কুমাৰ, উপ সভাপতি ৰাজকুমাৰ কলিতা, বিত্ত সম্পাদক খাইৰুল হক ।
প্ৰেৰক ফাৰুক হুছেইন