নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্রৰ সত্রাধিকাৰ অভিষেক অনুষ্ঠানটি শুকুৰবাৰে বটদ্রৱা থানৰ সভাঘৰত অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, বটদ্রৱা শলগুৰি সত্রৰ সত্রাধিকাৰ পৰমানন্দ দেৱমহন্তৰ যোৱা ১৪ জানুৱাৰীত পৰলোকপ্রাপ্তি হোৱাত ডেকা সত্রাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱমহন্তই বুঢ়া সত্রাধিকাৰৰ ঢোপ নির্মালি গ্রহণ কৰাৰ লগতে ইন্দ্রকান্ত মহন্তই ডেকা সত্রাধিকাৰৰ নির্মালি গ্রহণ কৰে ৷ যোগেন্দ্র নাৰায়ণ দেৱমহন্তক ঢোপ নির্মালি প্রদান কৰে বটদ্রৱা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, পুৰণা ভোগবাৰী দীঘলী সত্রৰ সত্রাধিকাৰ ৰুদ্রকান্ত দেৱমহন্ত, দীঘলী সত্র বৰপাঠৰী পানীগাঁৱৰ সত্রাধিকাৰ মুনীন্দ্র মহন্ত, কোচ্ছগুৰি খৌৰামোচৰ সত্রৰ সত্রাধিকাৰ টংকেশ্বৰ গোস্বামী আৰু চকলাঘাট কছাৰী ৰোৱা সত্রৰ সত্রাধিকাৰ ঘনমোহন গোস্বামীয়ে ৷ লগতে ইন্দ্রকান্ত মহন্তকো ডেকা সত্রাধিকাৰ নির্মালি প্রদান কৰা হয় ৷ বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱা আৰু ডেকা সত্রীয়া উপেন মহন্তই আঁত ধৰা গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত থান পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি ভোগেশ্বৰ বৰা, প্রাক্তন কার্যকৰী সভাপতি হৰেন্দ্র কুমাৰ দেৱমহন্ত, প্রাক্তন সাধাৰণ সম্পাদক ডাঃ প্রদীপ কুমাৰ দেৱমহন্ত, ডেকা সত্রীয়া অতুল মহন্ত, প্রমথেশ দেৱগোস্বামী, ৰাজীৱ মহন্ত, পংকজ মহন্ত, মৃগাংক মহন্ত, জ্যোতিষ্মান মহন্ত, হেমাংগ মহন্ত, পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ উপ–সভাপতি কুশ বৰদলৈ, সম্পাদক মাণিক বৰাকে প্রমুখ্য কৰি ভকত বৈষ্ণৱ, আইমাতৃসকল উপস্থিত থাকে৷ সত্রাধিকাৰ ঢ়োপ নির্মালি প্রদান অনুষ্ঠানৰ অন্তত সত্রাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱমহন্তই মন্ত বৰাক শলগুৰি সত্রৰ মুক্তিয়াৰৰ বাব প্রদান কৰাৰ লগতে সত্রৰ গায়ন–বায়ন, পালিদেউৰী, দেউৰী, নামলগোৱাসকলকো নির্মালি প্রদান কৰে ৷