লিডুত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱৰ সামৰণি: সদৌ অসম ভিত্তিত দিহানাম অনুষ্ঠিত
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডু কেন্দ্ৰীয় নামঘৰত দুদিনীয়াকৈ আয়োজিত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱৰ আজি সফল সামৰণি পৰে । বিগত বৰ্ষসমূহৰ দৰে এইবছৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱভাগি তিনিচুকীয়া জিলাৰ লিডু কেন্দ্ৰীয় নামঘৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়। চেমনীয়া সকলৰ দ্বাৰা দিপাংকৰ শৰ্মাৰ পৰিচালনাত দস্যু ৰত্নাকৰৰ মুক্তি লাভ নামৰ নাট ভাওঁনা মঞ্চস্থৰে অনুষ্ঠানৰ সফল সামৰণি পৰে । কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰাণাজ্যোতি নেওগে । বন্তি প্ৰজ্বলন কৰে তৰুণ গগৈ, দিপক চেতিয়া আৰু ধীৰাজ সোণোৱালে । তাৰপাছতে পাছতে চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১১ বজাত ভাগৱত ভ্ৰমণ উলিওঁৱা হ’য় । তাৰপাছতে নাম প্ৰসঙ্গ অনুষ্ঠিত হয় । নামাচাৰ্য ৰূপে শিৱসাগৰৰ অশ্বিনী শইকীয়াই অংশ লয়। সন্ধিয়া ৫:৩০ বজাত ৫৭৪ গছি বন্তি প্ৰজ্বলন কৰা হ’য় । দ্বিতীয় দিনা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা ( মহিলা আৰু শিশুসকলৰ মাজত ) আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিহা নাম প্ৰতিযোগিতাত ( মহিলা ) প্ৰথম শ্ৰেষ্ঠ দলৰ খিতাপ যুটীয়া ভাৱে লাভ কৰে শংখধ্বনি দিহা নামৰ দল,মাৰ্ঘেৰিটা, লিডু কেন্দ্ৰীয় নামঘৰৰ দিহা নামৰ দলে । দ্বিতীয় স্থান লাভ কৰে জংলোকুৰুকা দিহানামৰ দলে । চেমনীয়া শাখাত প্ৰথম, দ্বিতীয় তৃতীয় স্থান লাভ কৰে ক্ৰমে উজ্জ্বয়িনী দিহানামৰ দল ,পাৰিজাত দিহানামৰ দল, কৃষ্ণাপ্ৰিয়া দিহানামৰ দলে বৰগীত প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় স্থান লাভ কৰে ক্ৰমে লেখিকা নেওগ আৰু সুজাতা গগৈ হাজৰিকাই । উদযাপন সমিতিৰ সভাপতি ৰাণাজ্যোতি নেওগৰ পৌৰহিত্যত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈ অৱসৰপ্ৰাপ্ত শিক্ষকত্ৰয় লোকনাথ কোঁৱৰ ডম্বৰুধৰ নেওগ, লিলি চাংমাই, বিশিষ্ট ভকত পুস্প গগৈ, প্ৰদীপ ফুকন, ৰিনু চেতিয়া, উৎপল কোঁৱৰ আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰে । সন্ধিয়া ৮ বজাত গায়ন -বায়ন প্ৰদৰ্শনৰ পাছতে নিশা ১০ বজাত চেমনীয়া সকলৰ দ্বাৰা বায়ন দিপাংকৰ শৰ্মাৰ পৰিচালনাত দস্যু ৰত্নাকৰৰ মুক্তি লাভ নামৰ নাট ভাওঁনা মঞ্চস্থ হ’য় । নতুন প্ৰজন্মৰ শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ নাট ভাওঁনাসকলে সকলোকে মোহিত কৰে ।