নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ দুদিনীয়া কার্যসূচীৰে শিৱসাগৰৰ বর্ডিং খেলপথাৰত অনুষ্ঠিত মে–ডাম–মে–ফী অনুষ্ঠানৰ শুকুৰবাৰে অন্তিম দিনা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, নাগালেণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী এছ চি জমিৰ, সত্রাধিকাৰ পীতাম্বৰ দেৱগোস্বামীকে ধৰি বহু অতিথি উপস্থিত থাকে ৷ মে–ডাম–মে–ফী উপলক্ষে তাই ধর্মীয় পৰম্পৰাৰে অনুষ্ঠিত বানফী আৰু ফুৰালুং অনুষ্ঠানত নাগালেণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী এছ চি জমিৰ আৰু প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অংশ লৈ পুলিন পুথাওসকলৰ আশীর্বাদ বিচাৰে ৷ মুকলি সভাত উপস্থিত থাকি নাগালেণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী এছ চি জমিৰে কয়– আমি অসমীয়া বা নগা ৰূপে নহয়, কিন্তু আমি মানুহ ৰূপে আজি কথা ক’ব বিচাৰোঁ ৷ আমি উত্তৰ–পূব পৃথক নহয় ৷ আমি সকলো সময়ত এক ৷ স্বাধীনতাৰ পাছত ভাৰতৰ অন্য প্রান্তৰ মানুহে আমাক পিছপৰা বুলি ভাবিছিল ৷ কিন্তু এতিয়া সময় সলনি হৈছে ৷ ইয়াৰ উদাহৰণ হৈছে ৰঞ্জন গগৈ ৷ মই নিজেই চাৰিখন ৰাজ্যৰ ৰাজ্যপাল হৈ আহিছোঁ ৷ আমি আমাৰ হীনমন্যতা আঁতৰাব লাগিব ৷ এতিয়া আমি বয়স্ক হ’লোঁ ৷ আমি উত্তৰ–পূবে অতীত পাহৰিব লাগিব ৷ পৃথিৱী এতিয়া এখন গাঁও হৈছে ৷ আগৰ নেতৃত্বই কি কৈছে পাহৰি যাওক ৷ উত্তৰ–পূব এতিয়া উন্নত ৷ আমি পিছপৰা মানসিকতা পাহৰিব লাগিব ৷ আমি ভাৰত গঢ়িবৰ অর্থে আগবাঢ়িব লাগিব ৷ আমি বিগত ৭১ বছৰত বহু শিকিলোঁ ৷ আমি দুর্বল, নিৰক্ষৰ, পিছপৰা নহয় ৷ এই সময়ছোৱাত যদি আমি আমাৰ চিন্তা, বক্তব্য আৰু কামত কিবা ভুল কৰিলোঁ, তেন্তে এই সময় সেইসমূহ শুদ্ধ কৰা৷ ভাৰত চৰকাৰে কিয় লুক ইষ্ট পলিচী গ্রহণ কৰিছে? কিয়নো ভাৰতৰ ভৱিষ্যৎ পশ্চিমে নহয়, পূবে আছে৷ চুকাফা ভাৰতলৈ আহিছিল শাসন কৰিবলৈ ৷ কিন্তু এতিয়া সেই অঞ্চলৰ পৰা সেইসকল আহেব্যৱসায়ৰ বাবে ৷ সময় সলনি হৈছে ৷ এতিয়া সময় আমি উত্তৰ–পূববাসী কিদৰে একত্র হ’ব পাৰোঁ ৷ পূবৰ সেই ব্যৱসায়িক সুবিধাবোৰৰ বাবে উত্তৰ–পূব এক বজাৰ ৰূপে পৰিগণিত হ’ব ৷ যাৰ বাবে সেই বজাৰৰ হেঁচা ল’বলৈ হ’লে আমি একত্র হ’ব লাগিব ৷ এই সকলোৰে নেতৃত্ব অসমে ল’ব লাগিব ৷ দল নির্বিশেষে উন্নয়নৰ বাবে আমি একত্র হ’ব লাগিব বুলিও গোৱা আৰু মহাৰাষ্ট্রৰ প্রাক্তন ৰাজ্যপালজনে মন্তব্য কৰে ৷
ইফালে, সত্রাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে কয় যে অসমীয়া জাতিক মজবুত কৰা, শক্তিশালী কৰা গোষ্ঠী আছিল আহোম গোষ্ঠী ৷ সেইসকলৰ ছশ বছৰীয়া ৰাজত্বত অসমে একত্র হৈছিল ৷ এখন কল্যাণকামী ৰাজ্য ৰূপে পৰিগণিত হৈছিল ৷ বেদৰ বাণীৰ দৰে মে–ডাম–মে–ফী অনুষ্ঠানৰ জৰিয়তে সেই একত্র আৰু কল্যাণ স্মৰণ কৰা হয় ৷ পিতৃ–পূর্বজসকলক সন্মান–স্মৰণৰ দ্বাৰা আমি তেওঁলোকৰ পদাংক অনুকৰণৰ লগতে সকলো উত্তমৰ বাবে শক্তি পাওঁ ৷ মে–ডাম–মে–ফী পালনৰ দ্বাৰা এই শক্তি আহৰণ ৷ সত্র স্থাপন আৰম্ভ হৈছিল আহোমসকলৰ দ্বাৰা ৷ জয়ধবজ সিংহই তেতিয়াই সত্রক ৰাজকীয় মর্যাদা প্রদান কৰিছিল ৷ তাৰ পৰৱর্তী সময়ত আহোম স্বর্গদেউসকলৰ পৃষ্ঠপোষকতাত সত্র পালিত হৈছিল ৷ সেই ৰাজশাসনৰ জৰিয়তে আমি পালিত আৰু দায়বদ্ধ ৷ এই অনুষ্ঠানত উপস্থিত থাকি আমি সেইসকলক সোঁৱৰণ কৰিছোঁ ৷ আজি আমি আনুসৰণ কৰিব লাগিব আহোম ৰজাসকলৰ বিচক্ষণতা, একতা,ব্যক্তিত্ব আদি ৷ একত্র হৈ থাকি কিদৰে সমাজ ধৰি ৰাখিব পাৰি তাক আহোম শাসনে দেখাই গৈছে ৷ এই একতা আমি বজাই ৰাখিব লাগিব ৷ আহোম শাসনৰ এই আদর্শ মানি আমি এক হৈ থাকিলেহে অসম জীয়াই ৰাখিব ৷ আহোম ৰাজত্বৰ ছশ বছৰীয়া শাসনৰ প্রতি শ্রদ্ধাশীল হ’বই লাগিব বুলি সত্রাধিকাৰগৰাকীয়ে মন্তব্য কৰে ৷ অৱশ্যে প্রট’কলৰ বাবে প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অনুষ্ঠানত বক্তব্য ৰখাৰ পৰা বিৰত থাকে ৷ ইফালে, বিশিষ্ট তাই পণ্ডিত পদ্মশ্রী যোগেন্দ্র নাথ ফুকনে তাই আহোম জনগোষ্ঠীৰ মে–ডাম–মে–ফী উদ্যাপনৰ তাৎপর্য সম্পর্কে কয় ৷
অনুষ্ঠানত গুৱাহাটীৰ নটৰাজ সাংস্কৃতিক শিল্পী সমাজে ভোৰতাল নৃত্য আৰু বকতাৰ তাই আহোম সাংস্কৃতিক দলে ৰাগ চাংমাই নৃত্য আৰু শিৱসাগৰৰ ভংগীমা কলাকেন্দ্রৰ শিল্পীয়ে সত্রীয়া নৃত্য পৰিৱেশন কৰে৷ সন্ধিয়া শিৱসাগৰ বর্ডিং খেলপথাৰৰ উক্ত মঞ্চত অংশ লৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে কয় যে ২৩২ বছৰত আহোমে সাতৰাজ সামৰি একৰাজ প্রতিষ্ঠা কৰিছিল ৷ জাতি–কুল নোহোৱাকৈ অসমীয়া জাতি গঠন হৈছিল৷ মিশ্রিত ৰাষ্ট্রীয়তাবাদ সৃষ্টি কৰিছিল আহোমে৷ ধর্মৰ নামত বিভাজন নাছিল আহোমৰ শাসনত৷ ধর্মনিৰপেক্ষতাৰ বীজ আহোমে ৰোপণ কৰিছিল৷ এটা জাতি হিচাপে অসমীয়াই থিয় দিব লাগিব বুলি ড০ বৰগোহঁায়ে মন্তব্য কৰে৷ ইফালে, অনুষ্ঠানত উপস্থিত থাকি ত্রিপুৰাৰ যুৱৰাজ প্রদ্যুত কিশোৰ মাণিক্য দেৱবার্মাই ক্ষোভৰে কয়– আমি আমাৰ বুৰঞ্জী, ইতিহাস পাহৰি যোৱা বাবে সন্মান নকৰা বাবেই আমি নিজৰ পৰিচয় হেৰুৱাইছেছা৷ নিজৰ সংস্কৃতি, পৰিচয় হেৰুৱাই দিয়াৰ বাবেই জাতিৰ সংকট আহিছে বুলি মন্তব্য কৰি দেৱবার্মাই সকলোকে একত্রিত হোৱাৰ আহ্বান জনায়৷ৰাজকুমাৰগৰাকীয়ে প্রথমে জাতি তাৰ পাছত ৰাজনীতি বুলি প্রকাশ কৰে৷ ইফালে, আহোমৰ ইতিহাসক লৈ গর্ব কৰিব পাৰি বুলি মন্তব্য কৰে ত্রিপুৰাৰ যুৱৰাজজনে খিলঞ্জীয়া মানুহৰ মাজত একতা অতি প্রয়োজনীয়৷ কিন্তু আমাৰ নিজৰ ইতিহাস আমাক পঢ়ুৱা নহয় বুলি ক্ষোভ প্রকাশ কৰে দেৱবার্মাই৷ অনুষ্ঠানৰ স্মৰণিকা চে মুন খাম উন্মোচন কৰে ‘প্রতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ৷