নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইমনাত ৬৮ সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ পালন

: শিশু সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সজাগতা সভা:

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ দেশ তথা ৰাজ্যত ১ অক্টোৱৰৰ পৰা ৭ অক্টোৱৰত ৬৮ সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ পালন কৰাৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত টেকাবাজাৰ স্থিত বি বি মেমৰিয়াল মধ্য ইংৰাজী বিদ্যালয়ত স্থানীয় ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয় ৷ কচুগাঁও বনসংমণ্ড আৰু আৰণ্যক উদ্যোগত তথা হাজৰাই বাংলো ইকো-টুৰিজিমৰ চোছাইটি নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজিত ৬৮ সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহৰ কাৰ্য্যসূচীত বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে বিভিন্ন প্ৰকৃতি প্ৰেমী সংগঠণ সমূহে কাম কৰি আহিছে তাৰ ওপৰত আমন্ত্ৰিত অতিথি সকলে সজাগতা মূলক ভাষণ প্ৰদান কৰে ৷  কাৰ্য্যসূচীত আৰণ্যকৰ ড° দীপাংকৰ লহকৰ, কচুগাওঁ বন সংমণ্ডলৰ বন বিষয়া ভানু সিংহ, ৰাইমনা ৰেঞ্জৰ ৰেঞ্জাৰ অনুপম দাস, চেন্ট্ৰেল ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জ বিষয়া প্ৰাঞ্জল তালুকদাৰ, চানফান ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জ বিষয়া বিশ্বজিত ৱসুমতাৰী প্ৰমূখ্যে প্ৰটেকচন ৰেঞ্জৰ ৰেঞ্জাৰ কণকনজ্যোতি কৌশিক সহ কেইবা খনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ৷ 
You might also like