নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰদীয় দুৰ্গোৎসৱত ভ্ৰাম্যমাণৰ নাট্যযুদ্ধ : ৰাজমুকুটৰ ‘বিৰিখৰ বিৰিণা’ৰ শ্ৰেষ্ঠত্বৰ আসন

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত পশ্চিম নলবাৰী অঞ্চলত কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে মহাৰণত পৰিণত হৈ পৰে। থিয়েটাৰসমূহে অঘোষিত নাট্যযুদ্ধ প্ৰতিযোগিতাত নামি পৰিছিল। অৱশেষত এনে নাট্য যুদ্ধত শ্ৰেষ্ঠত্বৰ আসন অলংকৃত কৰে ৰাজমুকুট থিয়েটাৰে।পশ্চিম নলবাৰী অঞ্চলৰ কৈঠালকুছি, ককয়াত টিকট বিক্ৰীৰ নতুন অভিলেখ সৃষ্টি ধাৰাবাহিক ‘হাউছফুল শ্ব’ৰ লগতে নাট্যকাৰ ৰাজদ্বীপ ৰচিত বিৰিখৰ বিৰিণা নাটখনে ৭টাকৈ দৰ্শনীৰে পশ্চিম নলবাৰীত শ্ৰেষ্ঠত্বৰ আসন অলংকৃত কৰে ৰাজমুকুট থিয়েটাৰে । নাটকখন উপভোগ কৰি দৰ্শকৰ এটি মন্তব্য ভাল মৌলিক নাট এখন চালোঁ এইবাৰ ভ্ৰাম্যমাণত। এটি সুন্দৰ প্ৰেম কাহিনীক লৈ ৰাজদ্বীপে ৰচনা কৰিছে নাটকখন। বিৰিখ আৰু বিৰিণাৰ কৰুণ প্ৰেম কাহিনীটোৱে দৰ্শকৰ মাজত চৰ্চা লাভ কৰাৰ লগে লগে নাটখন চাবলৈ দৰ্শকৰ সোঁত বোৱা পৰিলক্ষিত হৈছে৷ দৰ্শকৰ এনে সঁহাৰি কেৱল ৰাজমুকুট থিয়েটাৰত। দৰ্শকে ‘বিৰিখৰ বিৰিণা’নাটখনক প্ৰশংসাৰে ওপচাই পেলাইছে৷ নাটখনৰ গীতসমূহেও ইতিমধ্যে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে৷ গীতকেইটাৰ ৰচনা তথা সংগীত পৰিচালনাও নাট্যকাৰ ৰাজদ্বীপৰ৷ বলিষ্ঠ কাহিনী তথা মৌলিক চিন্তাৰে সমৃদ্ধ নাটখনৰ অন্যতম শক্তিশালী দিশ হৈছে বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাৰ দ্বাৰা নাটখন পৰিচালনাৰ লগতে পলাশ সূৰ্য্য গগৈৰ আৱহ সংগীতে নাটখনক বিশেষ মাত্ৰা প্ৰদান কৰিছে । উল্লেখ্য যে  ৰাজমুকুট থিয়েটাৰৰ এই বহুচৰ্চিত ‘বিৰিখৰ বিৰিণা ‘নাটখনেৰ লগতে ‘বকুল ফুলৰ দৰে ‘আৰু ‘বৰফৰ খুকুৰি’ নাট দুখনত প্ৰতিটো পেণ্ডেলতে দৰ্শনীত পৰিলক্ষিত হোৱা দৰ্শকৰ হেতা-ওপৰা আৰু ব্যাপক ভিৰে যেন পুনৰ প্ৰমাণ কৰিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি নাট্যপ্ৰেমীৰ অকৃত্ৰিম মৰম কোনোদিনেও ম্লান হ’ব নোৱাৰে৷ নাটখনৰ মুখ্য চৰিত্ৰত জনপ্ৰিয় তাৰকা উৎপল দাসৰ অভিনয়ে লাভ কৰিছে ব্যাপক প্ৰশংসা৷ নায়িকা দেৱাশ্ৰী গগৈ, জনপ্ৰিয় কৌতুক অবিনেতা ভাস্কৰ বৰ্মন, সুৰভী কটকী, শংকৰজ্যোতি ৰাজখোৱা, পঞ্চী বৰা আদিৰ অভিনয়ো আছিল অতি সুন্দৰ। ইপিনে, শাৰদীয় দুৰ্গা পূজা উপলক্ষে ইতিমধ্যে বেলশৰত কহিনুৰ, ইতিহাস, আৱাহন, ককয়াত ৰাজমুকুট, বিহামপুৰত ৰাজতিলক, চামতাত ভাগ্যদেৱী, সূৰ্য্য, কুলবিলত বীণাপাণি, সাহপুৰ ৰাজঘাটত হেঙুল আৰু কৈঠালকুছিত ৰাজমুকুট, বৃন্দাবন থিয়েটাৰে নাট প্ৰদৰ্শন কৰে। এনেদৰে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্ৰায় প্ৰতিখন থিয়েটাৰতেই দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে।

 

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like