নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ অসমৰ অন্যতম ভূমিপুত্র ডিমাচা কছাৰীসকলৰ বুচু ডিমা উৎসৱ অর্থাৎ বিহু শুকুৰবাৰৰ পৰা তিনিদিনীয়া বর্ণিল কার্যসূচীৰে কার্বি আংলং জিলাৰ হাওৰাঘাটত আৰম্ভ হৈছে ৷ পুৱা পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি জিতেন কেম্প্রায়ে ৷ পৰৱর্তী সময়ত পৰম্পৰাগত পূজা–অর্চনাৰ লগতে হাওৰাঘাট নগৰৰ মাজেদি উলিওৱা হয় এক বর্ণিল সাংস্কৃতিক শোভাযাত্রা ৷ হাওৰাঘাট সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেঙে এই শোভাযাত্রা আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ বর্ণিল সাংস্কৃতিক শোভাযাত্রাত ডিমাচাসকলৰ কৃষ্টি–সংস্কৃতি উদ্ভাষিত হয় ৷