নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিপিএলৰ সঞ্চালক পদত অসম সন্তান ৰিপ হাজৰিকা

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ প্রথমবাৰৰ বাবে বিচিপিএলৰ পৰিচালন সঞ্চালকৰ পদত এগৰাকী অসমীয়া সন্তান অধিষ্ঠিত হৈছে ৷ ৰিপ হাজৰিকা নামৰ সুযোগ্য ব্যক্তিগৰাকীয়ে আজি বিচিপিএলৰ পৰিচালন সঞ্চালক হিচাপে কার্যভাৰ গ্রহণ কৰিব ৷ এজন উচ্চ কাৰিকৰী অভিজ্ঞতা তথা দক্ষতাসম্পন্ন ব্যক্তি হাজৰিকাই শ্বিলঙৰ ছেইণ্ট এডমণ্ড বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি উচ্চ প্রশংসিত বিটছ পিলানীৰ পৰা ৰসায়ন অভিযান্ত্রিক বিভাগত অনার্ছসহ স্নাতক ডিগ্রী আহৰণ কৰে ৷ তেওঁ নতুন দিল্লীৰ আইএমএম শিক্ষানুষ্ঠানৰ পৰা পার্ছনেল মেনেজমেণ্টত স্নাতকোত্তৰ ডিপ্ল’মাও অর্জন কৰিছিল ৷ তেল পৰিশোধন আৰু পেড্র’কেমিকেল উদ্যোগত থকা তেওঁৰ ৩০ বছৰৰ অধিক অভিজ্ঞতাৰ ভিতৰত উল্লেখযোগ্য ইণ্ডিয়ান অইল কর্প’ৰেচন, নুমলীগড় শোধনাগাৰ আৰু ভাৰত ওমান শোধনাগাৰ অন্যতম ৷ ২০০৬ চনৰ পৰা ২০১২ চনৰ সময়ছোৱাত তেওঁ ছৌদি আৰবৰ ছৌদি আৰামকো শ্যেল শোধনাগাৰ কোম্পানীৰ সৈতে কর্মৰত আছিল ৷ হাজৰিকাই অ’পাৰেচন, কাৰিকৰী পৰিসেৱা, প্রকল্প, পৰিকল্পনা আৰু প্রগেমিং, শোধনাগাৰ ব্যৱস্থাপনা, কর্প’ৰেট বিষয়ক বিভিন্ন বিভাগত সফলভাৱে কাম কৰাৰ অভিজ্ঞতা আছে ৷ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লোৱাৰ আগতে হাজৰিকা ২০১৬ চনৰ পৰা বিচিপিএলৰ মুখ্য মহাপ্রবন্ধক হিচাপে প্রকল্পৰ উৎপাদন আৰু মেৰামতি কার্যৰ শীর্ষ পদত কর্মৰত আছিল ৷ বিচিপিএলৰ শীর্ষ পদত যোগদান কৰিবলগীয়া হাজৰিকা চতুর্থগৰাকী আৰু অসমৰ প্রথমগৰাকী বিষয়া ৷

You might also like