নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত হিন্দু পৰিষদৰ প্রতিষ্ঠা দিৱস পালন

বিশেষ বাৰ্তা, ৮ অক্টোবৰঃ ‘জাতি-বৰ্ণ ভেদ পৰিহাৰ কৰি সকলোকে এটা ছাতিৰ তলত আনিব পাৰিলেহে হিন্দু আৰু হিন্দুত্ববাদক ৰক্ষা কৰিব পৰা যাব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলো জাতি বর্ণ উচ্চ নীচ পৰিহাৰ কৰি সকলোকে এটা ছাতিৰ তললৈ অনাৰ প্রয়াস কৰিছিল। হিন্দুসকলক জাতি – বর্ণ ভেদাভেদ আতৰাই একগোট কৰিব পাৰিলেহে হিন্দুত্ব ৰক্ষা কৰিব পৰা যাব।’ মৰিয়নি ৰাজহুৱা প্ৰেক্ষাগৃহত হিন্দু পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত উদযাপিত প্রথম বর্ষপূর্তি উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি এইদৰে কয় বিশিষ্ট নাট্যকাৰ, সমাজকর্মী, শিক্ষাবিদ তথা মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁই বৰুৱাই। নিজৰ চমু তথা সাৰুৱা বক্তব্যত সকলো জাতি বর্ণক একগোট কৰি একেখন মঞ্চলৈ অনাৰ বাবে হিন্দু ধৰ্মগুৰু সকলক ইয়াৰ দায়িত্ব লবলৈ আহ্বান জনোৱাৰ লগতে তেখেতে বিশাল হিন্দু তথা হিন্দুত্ববাদৰ বিষয়ে চমুকৈ কৈ শেষ কৰিব নোৱাৰি বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে। ইয়াৰ পূৰ্বে হিন্দু পৰিষদৰ প্রতিষ্ঠা দিৱস উপলক্ষ্যে পুৱা পতাকা উত্তোলন কৰে হিন্দু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হেমন্ত তালুকদাৰে। বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নয়নমনি শর্মাই। হিন্দু পৰিষদ যোৰহাট জিলা সমিতিৰ সভানপতি অলক দেৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাৰ উদেশ্য বাখ্যা কৰে বীৰেণ দত্তই। সভাখনত গীতা আশ্রম যোৰহাটৰ সভাপতি বসন্ত পৰাশৰে নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি নিজৰ উদাত্ত ভাষণেৰে উপস্থিত সকলোকে আপ্লুত কৰে। তেওঁ হিন্দু তথা হিন্দুত্ববাদৰ বিষয়ে উল্লেখ কৰি কয়যে আজি হিন্দু তথা হিন্দুত্ববাদ সংকটৰ সন্মুখীন হৈছে । হিন্দু তথা হিন্দুত্বৰ ইতিহাস বিশাল। কিন্তু দুখৰ বিষয় যে হিন্দুত্ববাদৰ বিষয়ে শিক্ষা দিয়া নহয় আৰু হিন্দুতবাদৰ ইতিহাসৰ বিষয়ে আজিৰ প্রজন্মক কোৱা নহয় বুলিও তেওঁ লগতে আক্ষেপেৰে উল্লেখ কৰে। হিন্দুত্ববাদী নেতাজনে মহাৰাণা প্রতাপ সিং আদি মহান ব্যক্তিসকলৰ নাম উল্লেখ কৰি কয় এনে বীৰ পুৰুষ সকলে হিন্দু তথা হিন্দুত্ববাদ ৰক্ষাৰ হকে ওলাই আহিছিল। তেখেতে হিন্দু সকলক একত্ৰিত হবলৈ আহ্বান জনায়। সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি হেমন্ত তালুকদাৰেও বক্তব্য প্রদান কৰে। সভাখনত শ্রী শ্রী দক্ষিণপাট সত্রৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্রভা শইকীয়া, উপ-পৌৰপতি প্রদীপ দাস, সমাজকর্মী হনুমান প্ৰসাদ বাহেতি, শংকৰলাল শর্মা, গৌৰাংগ দাস (ইচকন), প্ৰবীণ সিং বাচবা, হৰিশ নায়ক, খগেন শর্মা, ৰিতা গোস্বামী, সমাজকর্মী চত্র শইকীয়া ,ৰটাৰী ক্লাবৰ সভাপতি দিলীপ সোমানী, বসন্ত সোমানী, অৰূপজ্যোতি বৰদলৈ, হিন্দু পৰিষদৰ বজালি জিলা সমিতিৰ সভাপতি নৱজীৎ কাকতি, মৰিয়নিৰ সমাজকর্মী শিৱ ভগবান আগৰৱালা, অৰুণ বেৰিয়া আদি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি সভাখন সাফল্য মণ্ডিত কৰি তোলে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like