মোহনবাৰী বিমানবন্দৰলৈ ভাবুকি! ডিব্ৰুগড় মেডিকেল কলেজ বানত বুৰ যোৱাৰ আশংকা
বিশেষ বাৰ্তা, ১০ অক্টোবৰঃ ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ প্ৰতি ভাবুকি! যিকোনো মুহূৰ্ততে বিমান বন্দৰ,মেডিকেল কলেজ বানত বুৰ যোৱাৰ আশংকা কৰা হৈছে। চহৰখনৰ কিছু নিলগৰ মাইজানত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়াবহ ৰূপেই এনে আশংকা কৰিয়াই আনিছে।ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ কাল ৰূপে,মাইজানৰ সমীপস্থত ব্ৰহ্মপুত্ৰই খহাই নিলে ডিব্ৰুগড় চহৰৰ ৰক্ষা কৱচ মথাউৰি। ব্ৰহ্মপুত্ৰৰ এনে গৰা খহনীয়াত সম্পূৰ্ণৰূপে খহি গ’ল মথাউৰি এটা অংশ। প্ৰতিটো বৰ্ষতে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইতিমধ্যে চলিত বৰ্ষত হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে বহু লোকৰ ঘৰ বাৰী উচ্ছেদ হৈছে।ঘৰ বাৰী এৰি বহু লোক মঠাউৰিত আশ্ৰয় লব লগীয়া হৈছে। আজি মাইজানত মথাউৰিৰ এটা অংশ খহাই নিয়াত সকলোতে ব্যাপক আতংকৰ স্বৃষ্টি হয়। জিলা জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ৰুদ্ধ কৰিব পৰা নাই খহনীয়া।ইফালে খহনীয়া অঞ্চলত জলসম্পদ বিভাগৰ বিষয়াক লৈ ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে আজি পৰিদৰ্শন কৰে। ইফালে নদীৰ এই খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ,অসম চিকিৎসা মহাবিদ্যালয়ৰৰ লগতে হাজাৰ হাজাৰ হেক্টৰ চাহ বাগিচা তথা বহু সংখ্যক চাহ উদ্যোগলৈ। এইদৰে খহনীয়া হৈ থাকিলে অতি কম সময়ৰৰ ভিতৰতে মিলিত হব মাইজান বিল,মহাবাহু ব্ৰহ্মপুত্ৰত।হয়তো ইয়াৰ পাছতে নিশেষ হব ডিব্ৰুগড় চহৰ। স্থানীয় ৰাইজে অভিযোগ অনুসৰি চৰকাৰে এই দিশত কোনো গুৰুত্ব প্ৰদান কৰা নাই, আনকি কোনো খবৰ লোৱা নাই জিলা প্ৰশাসন কিম্বা স্থানীয় বিধায়ক বিনোদ হাজৰিকাই। ইফালে ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে এই খহনীয়া স্থান পৰিদৰ্শন কৰাৰ পাছতো আজি পৰ্যন্ত সমস্যা সমাধান নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। জানিব পৰা মতে কালি স্থানীয় ৰাইজে মাইজানত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা।
প্ৰেৰক বিভাস দুৱৰা