তিতাবৰত ৰে’লৰ খুন্দাত মৃত্যুৰে যুজঁ দিয়া হাতিটোক উদ্ধাৰৰ চেষ্টা বন বিভাগৰ
নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: ৰাজ্যৰ বন বিভাগৰ চূড়ান্ত গাফিলটি আৰু দায়িত্বজ্ঞানহীন কাণ্ডৰ কাৰণে লক্ষ্মী পূজাৰ নিশা তিতাবৰ খৰিকতিয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হাতীটো যোৱা ২৪ ঘণ্টা ধৰি খৰিকতিয়া চাহ বাগিচাৰ এটা দ খাৱৈত পানীত পৰি অনাহাৰ নিদ্ৰাই মৃত্যুৰ লগ যুজঁ দি আছে।বন বিভাগৰ এনে কাণ্ডকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।উল্লেখ যে যোৱা লক্ষ্মী পূজাৰ নিশা নিশা প্রায় ১১ বজাত তীব্র বেগী ৰাজধানী এক্সপ্ৰেছে তিনিটা হাতীক প্ৰচণ্ড খুন্দা মাৰিছিল।
এই দুৰ্ঘটনাত এটা এবছৰীয়া শিশু হাতী থিতাতে মৃত্যু হৈছিল।শিশু হাতীতোৰ মাতৃ হাতী জনী ৰেল লাইনৰ কাষৰ দ খাৱৈত পৰি বিনা চিকিৎসাই আঠ ঘন্টা মৃত্যুৰ লগত যুজঁ দি কালি মৃত্যু হৈছিল।আৰু অন্য এজনী হাতীৰ পিছ ফালৰ দুটা ভৰি ভাঙি যোৱাত এনেদৰে প্ৰায় ডেৰ কিলোমিটাৰ চুচৰি গৈ বাগিচা খনৰ এটা দ খাৱৈৰ পৰা উঠি এটা ধিপত আশ্ৰয় লৈছিল।কালি বিয়লি ভাগত কাজিৰঙাৰ পৰা চিকিৎসক আহি কলৰ মাজত টেবলেট ভৰাই হাতিটোৰ গালৈ দলিয়াই দি প্ৰাথমিক চিকিৎসা সম্পন্ন কৰিছিল।ইয়াৰ পাছত কালি বিয়লি হাটীটোৱে দ খাৱৈত পৰি যায়।
এনে সময়তে অহা এজাক প্ৰবল বৰষুণত জানতোত পানী ভৰ্তি হয় যোৱাত হাটীটোৱে অন্য এক মৃত্যুৰ লগত যুজঁ দিব লগা হয়।কালি বিয়লি জানত পৰা হাতিটো আজি ডেৰ কিলোমিটাৰ পানীত উটি আহে।মৃত্যুৰ লগত যুজঁ দিয়া হাটীটোক আজি বন বিভাগে উদ্ধাৰৰ লগতে চিকিৎসাৰ কোনো প্ৰচেষ্টা নলয়।স্থানীয় ৰাইজে হাতীতোৰ লগত নিশা থাকি খাদ্য খাবলৈ দি উদ্ধাৰৰ প্ৰচেষ্টা লয় যদিও বিফল হয়।
আজি তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ হাতিটো উদ্ধাৰৰ চেষ্টা চলাই আছে।বন বিভাগৰ এনে গাফিলটিক লৈ স্থানীয় ৰাইজে ঘটনাস্থলীত তীব্র প্ৰতিবাদ কৰে।ইয়াৰ পাছতো ৰাজ্যৰ বন মন্ত্ৰী গৰাকীয়ে হাতিটো উদ্ধাৰৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰি মৌন হৈ থকাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।