নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনত আৰু বহু বৃহৎ কাম কৰিবলগীয়া আছেঃ সৌৰভ গাংগুলী

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ:  ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ সভাপতিৰ দৌৰৰ পৰা ছিটিকি যোৱাৰ পাছত প্রথমবাৰৰ বাবে মুখ খুলিছে সৌৰভ গাংগুলীয়ে৷ তেওঁ জানিবলৈ দিয়ে যে বিচিচিআইৰ সভাপতিৰ দায়িত্ব হেৰুৱালেও জীৱনত আৰু বহু বৃহৎ কাম কৰিবলগীয়া আছে৷ ভাৰতীয় দলৰ প্রাক্তন অধিনায়কগৰাকীয়ে কয়, ‘মই ভাৰতৰ হৈ খেলাৰ পাছত বংগৰ ক্রিকেট সন্থাৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিছোঁ৷ ইয়াৰ পাছত মই বিচিচিআইৰ সভাপতি পদ অলংকৃত কৰিছোঁ৷ কিন্তু খেলুৱৈ জীৱনৰ ১৫টা বছৰ মোৰ জীৱনৰ আটাইতকৈ শ্রেষ্ঠ সময়৷’ অৱশ্যে তেওঁ আইচিচিলৈ যোৱাৰ বিষয়েও স্পষ্টকৈ জনোৱা নাই৷ ভৱিষ্যতে যিয়েই নকৰক কিয়, পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব বুলি জানিবলৈ দিয়ে গাংগুলীয়ে৷

 তেওঁ কয়, ‘সকলোৱে শেষটোহে প্রত্যক্ষ কৰে৷ কিন্তু বুজাৰ চেষ্টা নকৰে যে আমি সকলোৱে শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হয়৷ প্রশাসক হিচাপে হয়তো মোৰ ইয়াতেই ইতি পৰিব৷ এতিয়া হয়তো মোক নতুন ভূমিকাত দেখা যাব৷ তাতেও শূন্যৰ পৰাই আৰম্ভ কৰিব লাগিব৷’ বিগত তিনি বছৰত বিচিচিআইৰ সভাপতি হিচাপে কি কি কৰিছে, তাৰ এটি খতিয়ানো দাঙি ধৰিছে সৌৰভে৷ তেওঁ কয় যে ক’ভিডৰ দৰে দুঃসময়তো সফলভাৱে আইপিএলৰ আয়োজন কৰিবলৈ সক্ষম হৈছোঁ৷ কমনৱেলথ গেমছত ভাৰতীয় মহিলা দলে ৰূপৰ পদক অর্জন কৰাৰ বিষয়েও তেওঁ সদৰী কৰে৷

উল্লেখ্য যে সৌৰভৰ স্থানত বিচিচিআইৰ সভাপতি হিচাপে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য ৰজাৰ বিন্নিক স্থলাভিষিক্ত কৰাটো নিশ্চিত হৈছে৷ গাংগুলীয়ে এই দায়িত্ব অব্যাহত ৰাখিব বিচাৰিছিল যদিও সেয়া সম্ভৱ নহ’ল৷ আনকি জয় শ্বাহে ব’ডৰ সচিব হিচাপে দায়িত্ব অব্যাহত ৰখাৰ সময়তে গাংগুলীক সেই সুযোগ দিয়া নহ’ল৷ ইয়াৰ ফলত একপ্রকাৰ ক্ষুব্ধ হৈ পৰিছে প্রাক্তন অধিনায়কগৰাকী৷

You might also like