নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰমাণু বোমাৰ আঘাততো অক্ষত থাকিব ৰাছিয়াৰ ‘চাইবাৰহাউছ’

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ: পৰমাণু বোমাৰ আক্রমণতো অক্ষত থাকিব ঘৰ৷ তেনে নির্মাণৰ পৰিকল্পনা কৰিছে ৰুছ প্রযুক্তিবিদসকলে৷ এই ঘৰৰ নাম দিয়া হৈছে ‘চাইবাৰহাউছ’৷ বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী ব্যক্তি তথা টেছলা কোম্পানীৰ মুৰব্বী এলন মাস্কে তিনি বছৰ পূর্বে ‘চাইবাৰট্রাক’ নামৰ অত্যাধুনিক এখন গাড়ী নির্মাণৰ কথা ঘোষণা কৰিছিল৷ এই গাড়ীৰ নক্সা দেখাৰ পাছতেই ৰাছিয়াই ‘চাইবাৰহাউছ’ নির্মাণৰ পৰিকল্পনা কৰা বুলি মাস্কে ঘোষণা কৰিছে৷ ৰাছিয়াৰ ‘মডার্ন হাউছ আর্কিটেকচাৰ এণ্ড ডিজাইন’–এ চাইবাৰ হাউছ নির্মাণৰ পৰিকল্পনা কৰিছে৷ কোম্পানীটোৰ প্রযুক্তিবিদসকলৰ মতে, মহাপ্রলয়ত পৃথিৱী ধ্বংস হৈ গ’লেও এই ঘৰ অক্ষত থাকিব৷ টেছলাৰ মুৰব্বী মাস্কে এই চাইবাৰহাউছত থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ অত্যাধুনিক এই বাসগৃহ নির্মাণ হ’লে প্রথম মাস্কে ইয়াক ক্রয় কৰিব পাৰে বুলি ৰুছ প্রযুক্তিবিদসকলে ধাৰণা কৰিছে৷

You might also like