ভোজভাত খোৱাৰ প্রলোভনেৰে গৌৰীসাগৰত বিবাহিত মহিলাক পাঁচ যুৱকৰ দলবদ্ধ ধর্ষণ
চাৰি দুর্বৃতক আটক, এটা পলাতক
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰত সংঘটিত হয় দলবদ্ধ ধর্ষণৰ এক জঘন্য কাণ্ড৷ বিবাহিত মহিলা এগৰাকীক ভোজভাত খোৱাৰ প্রলোভন দি পাঁচ যুৱকে দলবদ্ধ ধর্ষণ কৰি মুমূর্ষু অৱস্থাত জাঁজীত পেলায় থৈ অহাৰ পাছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰায়৷ ঘটনাটো যোৱা ১০ অক্টোবৰৰ নিশা সংঘটিত হৈছিল৷ পিছদিনা মহিলাগৰাকী গৌৰীসাগৰ থানাত উপস্থিত হৈ সমগ্র ঘটনাটো বিৱৰি কোৱাতহে প্রকৃত তথ্য পোহৰলৈ আহে৷ গৌৰীসাগৰৰ মিটং নৈৰ কাষত সংঘটিত এই নাৰকীয় কাণ্ডৰ বলি হোৱা উক্ত মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে ক্ষিপ্র তদন্ত চলাই আজি চাৰিটাকৈ দুর্বৃত্তক গ্রেপ্তাৰ কৰাৰ বিপৰীতে আনটো দুর্বৃত্ত পলাতক হৈ আছে৷
গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া বিশ্বজ্যোতি দুৱৰীয়ে জনোৱা মতে নিশা অসুস্থ মহিলাগৰাকীক আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱাৰ পাছত চিকিৎসাৰ অন্তত চিকিৎসকে ঘৰলৈ যাবলৈ দিয়ে৷ দ্বিতীয় দিনা মহিলাগৰাকী গৌৰীসাগৰ আৰক্ষী থানাত উপস্থিত হৈ সমগ্র ঘটনা বিৱৰি কোৱাত জঘন্য কাণ্ডৰ সবিশেষ পোহৰলৈ আহে৷ মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি গৌৰীসাগৰৰ ইমৰান হুছেইন নামৰ যুৱকজনে দহ তাৰিখৰ নিশা ভোজ খোৱাৰ প্রলোভনেৰে জয়সাগৰ আৰক্ষী থানাৰ অন্তর্গত জি জি এছ চাৰিআলিৰ ৰাতুল দাস নামৰ এজন ব্যক্তিৰ বাসগৃহলৈ লৈ যায়৷ তাতে মহিলাগৰাকীক ইমৰান হুছেইন, ৰাতুল দাস, অচিন্ত্য গায়ন, প্রশান্ত গায়ন আৰু ধীৰেন দাস ওৰফে নিগনি নামৰ যুৱককেইজনে উপর্যুপৰি ধর্ষণ কৰে৷ মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ক্ষিপ্রতাৰে চাৰিটাকৈ ধর্ষণকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে সোধা–পোছা অব্যাহত ৰাখিছে৷ লগতে আৰক্ষীয়ে ১১৮/২০২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৭৬ ডি ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷