নামনি মাজুলীত চকুলো টুকিছে অসংখ্য কৃষকে; আহিনৰ বানত ধ্বংস হ’ল শ শ কৃষকৰ মাহ খেতি
; পানীৰ তলত নগদ শস্য দেখি হাহাকাৰ কৃষকৰ
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : আহিন মাহৰ শেষত নভৱা – নিচিন্তাকৈ আহিল বান । নামনি মাজুলীত সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ দয়োখন নদীৰ বাঢ়নী পানী আহি কালিৰ পৰা কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰিছে । নামনি মাজুলীৰ উত্তৰ দিশত সোৱণশিৰি নদী আৰু দক্ষিণ দিশত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে কৃষকসকলক জুৰুলা কৰিছে ।আবতৰীয়া বানপানীয়ে নামনি মাজুলীৰ শ শ কৃষকৰ আশাৰ ফচল ধ্বংস কৰিলে । বহুত আশা, বহুত প্ৰত্যাশা লৈ নামনি মাজুলীৰ দৰিদ্ৰ আৰু উপান্ত কৃষকে কৰিছিল শ- শ বিঘা মাটিমাহ আৰু মগুমাহ । কালিৰ পৰা সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে উক্ত মাহৰ খেতি বুৰাই পেলালে । পানীত এদিন ডুব গ’লেই মাহ খেতি মৰি যায় । নামনি মাজুলীৰ বহুতো কৃষক নগদ পণ্য শস্য ( Cash Crop )” মাহ খেতি”ৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে আৰু পৰিয়াল পোহ- পালন কৰে । বৰ্তমান অঞ্চলটোৰ কৃষকৰ মাহ খেতি দুপটীয়া- চাৰিপটীয়া হোৱাৰ সময়তে বাঢ়নী পানী আহি মাটিমাহ , মগুমাহ খেতি ধ্বংস কৰিলে । নামনি মাজুলীৰ বহুতো কৃষকে ভাদমাহতে মাটিমাহ আৰু মগুমাহ সিঁচিছিল । আগতীয়াকৈ বোৱা কিছুমান মাহ খেতি ফুলৰি পৰ্যন্ত হৈছিল ।
কিন্তু , কালিৰ পৰা সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নামনি মাজুলীৰ কৃষকৰ সকলো মাহ খেতি মাৰিলে । নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ মিছামৰা, চেঙেলীসুঁতি, কুমলীয়া, চেৰেপাইখোৱা, চামগুৰি, মাজৰচাপৰি, কুলিচাপৰি, মলয়া চাপৰি, বেবজিয়া, ওখলচুক, মলুৱাল কলিতা, পেকামণি, বাঘগাঁও চাপৰি, বাহিৰ মহৰিচুক, চিৰামপুৰীয়া, বৰজান,মহৰিচুক পথাৰ , নতুন মহৰিচুক আদিত কৰা শ শ কৃষকৰ মাহ খেতি আজি পানীত ডুব যোৱাত কৃষকে চকুলো টুকিছে । অঞ্চলটোৰ শ্ৰীলোহিত গাঁও পঞ্চায়তৰ বৰঘূলি, ভকত চাপৰি, বৰদূৱাৰ, মধুপুৰ, লুইত চাপৰি, বালিজান, ভালুকমৰা, কৰদৈগুৰি আদি গাঁৱৰ বহুতো কৃষক ৰাইজে আজি পানীত ডুব যোৱা মাহ খেতি দেখি হাহাকাৰ কৰিছে । চিলাকলা গাঁও পঞ্চায়তৰ বাহিৰ অংশত সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে চেলেক গাঁও, পুৰনা চাপৰি, নতুন চাপৰি, বাহিৰ চিলাকলা, অৰ্জুনগুৰি, বিৰিণাবাৰী, পাৱনা- কাকৰিকটা, বৰুণচুক আদি গাঁৱৰ মাতি মাহ আৰু মগু মাহৰ খেতি ধ্বংস কৰিলে । মাজুলী জিলাৰ লগত নতুনকৈ অন্তৰ্ভুক্ত হোৱা লোহিত খাবলুটো সোৱণশিৰি আৰু ৰঙা নদীৰ বাঢ়নী পানীয়ে শ শ কৃষকৰ মাটিমাহ আৰু মগুমাহৰ খেতি ধ্বংস কৰিছে । আহিন মহীয়া বানত কৃষকসকলৰ আশাৰ ফছল ধ্বংস হোৱাত এতিয়া কেৱল হাঁ- হুমুনিয়াহ , চকুলো টুকি টুকি কটাইছে ।