নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ সমগ্র দেশত হিন্দী ভাষা ‘জাপি দিয়া’ চেষ্টাৰ বিৰুদ্ধে পূর্বে সৰৱ হৈছিল তামিলনাডুৰ মুখ্যমন্ত্রী তথা ডিএমকে দলৰ মুৰব্বী এম কে ষ্টেলিন৷ এইবাৰ এই বিষয়টোক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র লিখিলে নেতাগৰাকীয়ে৷ এই পত্রত ষ্টেলিনে কেন্দ্রৰ হিন্দী আৰোপ কৰাৰ সিদ্ধান্তক অবাস্তৱ আৰু বিভেদমূলক বুলি অভিহিত কৰিছে৷ পত্রখনত কৰুণানিধিৰ পুত্র ষ্টেলিনে উল্লেখ কৰে যে দেশত অ–হিন্দীভাষী মানুহ বিভিন্ন বৈষম্যৰ চিকাৰ হ’ব লাগিব৷ দেশত হিন্দীভাষী লোকৰ তুলনাত অ–হিন্দীভাষী লোকৰ সংখ্যা যথেষ্ট বেছি বুলিও পত্রখনত উল্লেখ কৰে ষ্টেলিনে৷ প্রধানমন্ত্রীক উদ্দেশ্য কৰি ষ্টেলিনে কয় যে দেশৰ প্রতিটো ভাষাৰ সুকীয়া বৈশিষ্ট্য তথা স্বাধীনতা আছে৷ সেইবাবে এই ভাষাবোৰক ৰক্ষা কৰাৰ স্বার্থত প্রধানমন্ত্রীয়ে উদ্যোগ গ্রহণ কৰিব লাগিব বুলিও ষ্টেলিনে উল্লেখ কৰে৷