ৰঙিয়াত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা অভিযুক্ত শিক্ষক বিনোদ গোস্বামীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ ৰঙিয়াৰ এখন বিদ্যালয়ত এগৰাকী সপ্তমমানৰ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্য্যাতন চলাই বিদ্যালয়ৰ পৰা পলায়ন কৰা অঙ্কৰ মাষ্টৰ বিনোদ গোস্বামী বৰ্তমান ৰঙিয়া থানাৰ আলহী । ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে সোমবাৰে শিক্ষক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে যোৱা ১৩ অক্টোবৰত ৰঙিয়াৰ পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলত দুপৰীয়া মধ্যাহ্ন ভোজন চলি থকাৰ সময়ত ছাত্ৰী গৰাকীক যৌন নিৰ্য্যাতন চলাইছিল । শিক্ষক গৰাকীৰ এনে দুস্কাৰ্যৰ বিৰুদ্ধে ছাত্ৰী গৰাকীয়ে প্ৰতিবাদ কৰাত সমগ্র বিদ্যালয়খনতে এক হুলস্থুলীয়া পৰিবেশে বিৰাজ কৰিছিল ।
ঘটনাৰ পিছতে কৌশলেৰে অভিযুক্ত শিক্ষকজনে পলায়ন কৰিছিল । পিছত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীয়ে কামৰূপ জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শকক লিখিত ভাবে বিষয়টো অবগত কৰাত পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই তাৎক্ষণিক ভাৱে নিলম্বন কৰে শিক্ষক বিনোদ গোস্বামীক । ইফালে পলায়ন কৰি থকা অভিযুক্ত শিক্ষক বিনোদ গোস্বামীক সোমবাৰে নিশ্চিত তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে ২০১৬ ,চনত বাৰাংহাটী দৌলপুখুৰীপাৰ হাইস্কুলত কৰ্মত অবস্থাত থকাৰ সময়তো এই জন শিক্ষকে এগৰাকী ছাত্ৰীক ঠিক একে ঘটনা সংঘটিত কৰিছিল । যাৰ বাবে শিক্ষা বিভাগে শিক্ষক বিনোদ গোস্বামীক চাকৰিৰ পৰা নিলম্বন কৰিছিল ।
ফাৰুক হুছেইন , ৰঙিয়া ।