বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ অন্তৰ্গত নগাঁও জিলা মহিলা কৰ্মচাৰী সন্থাৰ উদ্যোগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৮সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে আজি নগাঁৱৰ মিলনপুৰস্থিত খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ত “সাহিত্য উৎসৱ” অনুষ্ঠান এটা অনুষ্ঠিত হয়। ‘কষ্টৰ ফল সদায় মিঠা। জীৱনৰ প্ৰতিটো খোজতে, কামতে যদি আমি মনোযোগেৰে সৈতে কষ্ট আৰু সাধনা কৰি আগবাঢ়ি যাওঁ, এদিন আমি সফলতাৰ মুখ দেখিমেই।’– সভাত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ উপ সভাপতি ডা: বিজুজ জাহান চালেহা বেগমে ভাষণ প্ৰসংগত এই মন্তব্যৰে আহ্বান জনায়। তেওঁ আৰু কয় যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাহিত্যৰাজি অধ্যয়নৰ জৰিয়তে নৱ প্ৰজন্মৰ মানসিক বিকাশৰ যথেষ্ট থল আছে। বুঢ়ী আইৰ সাধুৰ সাধুবোৰেও শিশুৰ মনত যথেষ্ট আনন্দ দিয়ে। কিতাপ পঢ়াৰ অভ্যাস গঢ়িবলৈ এই সাধু কথাবোৰেও পৰোক্ষভাৱে যথেষ্ট সহায় কৰে। নগাঁও জিলা মহিলা কৰ্মচাৰী সন্থাৰ সভাপতি ডা: বিজুজ জাহান চালেহা বেগমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট আলোচক হিচাপে উপস্থিত থাকে ড: মুনমুন বৰা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জুমণি শইকীয়াই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰাজিৰ সম্পৰ্কত এক সুন্দৰ বক্তব্য দাঙি ধৰে। অমৃতপ্ৰভা সূত, বিজয় কুমাৰ সূত, হাস্নাহানা বেগম আদিকে ধৰি বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটোত “ছাত্ৰ- ছাত্ৰী আৰু শিক্ষকৰ মত বিনিময়” অনুষ্ঠানটোৰ আঁত ধৰে ড: মুনমুন বৰাই। উক্ত অনুষ্ঠানতে খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পোন্ধৰজনীয়া দল এটিয়ে জ্যোতি সঙ্গীত, কবিতা আবৃত্তি, অসমীয়া আধুনিক গীত, অসমীয়া আধুনিক নৃত্য প্ৰদৰ্শনেৰে সকলোকে সন্মোহিত কৰে।
প্ৰেৰক কনক হাজৰিকা