চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ঘৰত ৮.১৫ কোটি টকা উদ্ধাৰ পশ্চিমবংগ আৰক্ষীৰ
বিশেষ বাৰ্তা, ১৭ অক্টোবৰঃ পশ্চিমবংগৰ কলকাতাত কলকাতা আৰক্ষীৰ ডিটেক্টিভ বিভাগে এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ঘৰত অভিযান চলায়। ১৫ আৰু ১৬ অক্টোবৰত আৰক্ষীৰ অভিযানত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৮.১৫ কোটি টকা। আৰক্ষীৰ মতে, তেতিয়াৰ পৰা চাৰ্টাৰ্ড একাউণ্টেণ্টজন পলাতক হৈ আছে আৰু তেওঁৰ বিৰুদ্ধে লুক আউট নোটিচ জাৰি কৰা হৈছে। অভিযুক্ত চাৰ্টাৰ্ড একাউণ্টেণ্টগৰাকীৰ নাম শৈলেশ পাণ্ডে। লগতে তেওঁৰ ভাতৃ অৰবিন্দ পাণ্ডেকো বিচাৰিছে আৰক্ষীয়ে। কলকাতা আৰক্ষীৰ এণ্টি বেংক জালিয়াতি বিভাগে ১৫ অক্টোবৰত হাওৰাস্থিত শৈলেশ পাণ্ডেৰ বাসগৃহত অভিযান চলায়। ১৫ অক্টোবৰত চলোৱা অভিযানৰ সময়ত শৈলেশৰ ঘৰত তলা লগোৱা হৈছিল যদিও তেওঁৰ বাসগৃহত ৰখাই থোৱা এখন গাড়ীৰ পৰা আৰক্ষীয়ে ২ কোটি টকা উদ্ধাৰ কৰে। আৰক্ষীয়ে শৈলেশৰ দুটা বেংক একাউণ্ট ফ্ৰীজ কৰিছে, য’ত ২০ কোটি টকা জমা কৰা হৈছে বুলি জানিব পৰা গৈছে। ১৬ অক্টোবৰত কলকাতা আৰক্ষীয়ে শৈলেশৰ আন এটা ঘৰত অভিযান চলায়। ইয়াৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫.৯৫ কোটি টকা আৰু গহনা। অভিযানৰ পিছতে ঘৰৰ পৰা দুটাকৈ লেপটপ আৰু এটা টেবলেট জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ মতে, যিখন গাড়ীৰ পৰা উদ্ধাৰ কৰা গহনাটো শৈলেশৰ ভাতৃ অৰবিন্দ পাণ্ডেৰ। কানাড়া বেংকে দাখিল কৰা এজাহাৰৰ পিছতে আৰক্ষীয়ে এই অভিযান চলাইছিল। বেংকটোৱে কিছুদিন ধৰি সন্দেহজনক লেনদেন নিৰীক্ষণ কৰি আছিল। ইয়াৰ পিছতে তেওঁ আৰক্ষীক অভিযোগ কৰে। কানাড়া বেংকৰ বিষয়াসকলে যোৱা ১৪ অক্টোবৰত কলকাতা আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যে ভুৱা নথি-পত্ৰ থকা কোম্পানীৰ নামত খোলা তেওঁলোকৰ নৰেন্দ্ৰপুৰ শাখাৰ দুটা বেংক একাউণ্টত অনলাইন লেনদেন ধৰা পৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, “যি দুটা বেংক একাউণ্টত ২০ কোটি টকাৰ জমা ধন উদ্ধাৰ কৰা হৈছিল, সেইবোৰ ফ্ৰীজ কৰা হৈছে।” আমি শৈলেশ পাণ্ডে আৰু তেওঁৰ ভাতৃ অৰবিন্দ পাণ্ডেক আটক কৰিবলৈ চেষ্টা কৰিছো। চুবুৰীয়া এজনে জনোৱা মতে, শৈলেশ পাণ্ডেৰ ফ্লেটৰ ভঙা দুৱাৰৰ তলা ভাঙিছিল আৰক্ষীয়ে। আমোদজনক কথাটো হ’ল কাঠৰ দুৱাৰখন বন্ধ হোৱা নাছিল। আৰক্ষীও আচৰিত হৈছিল। তিনিটা শোৱা কোঠাত তিনিখন বিছনা আছিল। সকলো বিচনাতে লুকুৱাই থোৱা বেগত নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, অভিযুক্তই কানাড়া বেংকত দুটা কোম্পানীৰ নামত দুটা একাউণ্ট খুলি বিশাল অনলাইন লেনদেন কৰাৰ অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰিছিল।