নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছন ১২+ৰ লক্ষ্যৰে লোকসভা নির্বাচনক লৈ বিজেপিৰ ব্যাপক প্রস্তুতি

বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণৰ পাছতে লোকসভা নির্বাচনক লৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি৷ মুখ্যতঃ বিৰোধীৰ দখলত থকা পাঁচটা লোকসভা সমষ্টিক লৈ পৰিকল্পনা কৰা বিজেপিৰ এইবাৰ টার্গেট ১২+ ৷ বিশেষকৈ বিৰোধী কংগ্রেছৰ দখলত থকা কলিয়াবৰ, নগাঁও আৰু বৰপেটা নিজৰ দখললৈ অনাৰ লক্ষ্য বান্ধি লোৱাৰ বিপৰীতে শাসকীয় দলটোৱে ধুবুৰী আৰু কোকৰাঝাৰ মিত্রদল অগপ–ইউ পি পি এলক এৰি দিয়াৰো চিন্তা–চর্চা কৰিছে৷ ২০২৪ চনৰ নির্বাচনক লৈ লোৱা এনে পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে লোকসভা প্রবাহ শীর্ষক এক কার্যসূচী৷ ইয়াৰ বাবে ৰাজ্যৰ প্রতিটো লোকসভা সমষ্টিৰ তত্ত্বাৱধায়ক ৰূপে এজন সাংসদক দায়িত্ব দিয়াৰ লগতে কেন্দ্রীয় মন্ত্রী এজনক দিয়া হৈছে অভিভাৱকৰ দায়িত্ব৷ এনে দায়িত্ব পালনৰ বাবে শেহতীয়াকৈ বিৰোধীৰ দখলত থকা সমষ্টিত দলীয় কাম–কাজত নামি পৰিছে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজু৷ বিজেপিৰ লক্ষ্য যিকোনো প্রকাৰে নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টি দখল৷ এই লক্ষ্যৰে ইতিমধ্যে কেন্দ্রীয় মন্ত্রী সোণোৱালে কলিয়াবৰ আৰু বৰপেটা সমষ্টিত দলীয় কর্মীৰ সৈতে কাম–কাজ আৰম্ভ কৰাৰ সমান্তৰালভাৱে মন্ত্রী কিৰেণ ৰিজিজুৱে অলপতে নগাঁও সমষ্টিত সাংগঠনিক কাম–কাজ আগুৱাই নিয়াৰ পাছত আজি উপস্থিত হয় বৰপেটা সমষ্টিত৷ সমষ্টিটোৰ বঙাইগাঁৱত দলীয় কর্মীৰ সৈতে সাংগঠনিক কাম–কাজত নামি পৰা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এই ভ্রমণৰ পৰাই বৰপেটা সমষ্টিত এইবাৰ বিজেপিয়ে প্রার্থিত্ব প্রদান কৰিব বুলি একপ্রকাৰ ইংগিত দিছে৷ বঙাইগাঁৱত মন্ত্রী ৰিজিজুৰ মন্তব্য– যি দলৰ সাংগঠনিক দিশ শক্তিশালী, সেই দলেই প্রতিদ্বন্দ্বিতাত নামিব৷ বিজেপিয়ে জয়ী হোৱা আসন অগপই কেনেকৈ পাব? তৃণমূল পর্যায়ত কাম নকৰিলে আসন দাবী কৰিব নোৱাৰে৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে সমষ্টিটোত বিজেপি সাংগঠনিকভাৱে শক্তিশালী হ’লে নিশ্চিতভাৱে নির্বাচনত অৱতীর্ণ হ’ব আৰু মিত্রতাৰ নিয়ম অনুসৰি অগপই ইয়াক সমর্থন কৰিব৷ আমাৰ লক্ষ্য হ’ল বিজেপি আৰু মিত্র দলৰ আসন বৃদ্ধি হ’ব লাগে৷ মিত্র দলৰ মাজত এনে বুজাবুজি অটুট থাকিব৷ মন কৰিবলগীয়া যে এইবাৰ বিজেপিয়ে কংগ্রেছৰ দখলত থকা তিনি সমষ্টিক লক্ষ্য কৰি লোৱাৰ সময়তে মিত্র দল অগপৰ ভিতৰচ’ৰাত কিছু প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মুকলিকৈ মিত্র দলৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ নকৰিলেও বিজেপিয়ে অগপই পূর্বে প্রতিদ্বন্দ্বিতা কৰা বৰপেটা সমষ্টিৰ প্রার্থিত্ব প্রক্ষেপৰ বাবে লোৱা কুচকাৱাজে স্বাভাৱিকতে অস্বস্তিত পেলাইছে আঞ্চলিক দলটোক৷ আগন্তুক লোকসভা নির্বাচনত অগপই অতি কমেও তিনিটা লোকসভা সমষ্টি ক্রমে বৰপেটা, ধুবুৰী আৰু কলিয়াবৰত প্রতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছিল৷ বিগত নির্বাচনতো অগপই এই তিনিটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল যদিও সাংগঠনিকভাৱে এইবাৰ আঞ্চলিক দলটো শক্তিশালী হৈ থকা হেতুকে পুনৰ কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীত প্রার্থী প্রক্ষেপৰ বাবে একপ্রকাৰ সাজু হৈছিল অগপ৷ কিন্তু শেহতীয়াকৈ বৰপেটা সমষ্টিক লৈ বিজেপিয়ে আৰম্ভ কৰা তৎপৰতাই অগপক কিছু পৰিমাণে অসন্তুষ্ট কৰা বুলি জানিব পৰা গৈছে৷ বৰপেটা সমষ্টিয়েই নহয়, কলিয়াবৰ সমষ্টিক লৈও অগপ যথেষ্ট আশাবাদী আছিল৷ কিন্তু এইবাৰ কলিয়াবৰ সমষ্টিত বিজেপিয়ে প্রার্থী প্রক্ষেপ কৰাটো একপ্রকাৰ নিশ্চিত৷ এই বিষয়টোক লৈও অগপৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে প্রতিক্রিয়া৷ এনে প্রতিক্রিয়াৰ মাজতে বিজেপিয়ে ২০২৪ৰ নির্বাচনক লৈ দখলত থকা সমষ্টিতো আৰম্ভ কৰিছে ব্যাপক সাংগঠনিক কাম–কাজ৷ পূর্বতকৈ সমষ্টিত ভোট বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ কৰা এই কাম–কাজৰ নেতৃত্ব দিছে এগৰাকীকৈ সাংসদ, বিধায়ক আৰু দলীয় বিষয়ববীয়াই৷

You might also like