নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও প্ৰশাসনৰ চকুত ধূলি দি লাখ লাখ টকাৰ আতচবাজীৰ ব্যৱসায় একাংশ ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ: আজি সমগ্ৰ দেশতে উদযাপন কৰা হব পোহৰৰ উৎসৱ দীপাৱলী। সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি আলোকৰ উৎসৱ দীপাৱলীক লৈ ব্যাপক প্রস্তুতি চলা দেখিবলৈ পোবা গৈছে । দীপাৱলীৰ সন্ধিয়া নিজৰ ঘৰখন পদুলীটো চোতালখন পোহৰৰে উজলাই তুলিবলৈ প্রতিজন লোকেই চলাইছে প্রস্তুতি। ইপিনে নানাৰঙী চীনা লাইটৰে উভৈনদী হৈ পৰিছে নগাঁৱৰ বজাৰ । নগাঁৱৰ বিপণীসমূহত এইবাৰ নানাৰঙী চীনা লাইটেৰে ভৰি পৰিছে ৷ ইয়াৰ ওপৰি নগাঁৱৰ একাংশ  বিপণীসমূহত গ্ৰাহকক বিক্ৰী কৰিবলৈ ব্যৱসায়ী সকলেও নানাৰঙী দেশী লাইট মজুত কৰিছে। এইবাৰ দীপাৱলীৰ বজাৰত নগাঁৱৰ বিপণীসমূহত চীনা লাইটৰ সমান্তৰালভাৱে দেশী লাইটেৰেও ভৰি পৰিছে বজাৰ ৷ গ্রাহকসকলেও পছন্দৰ লাইট ক্ৰয় কৰিবলৈ ওলাই আহিছে।  ব্যৱসায়ীসকলে আশা কৰিছে দীপাৱলী বজাৰ এইবাৰ ভাল হ’ব।

 

ইফালে বজাৰহাটত উভৈনদী হৈ পৰিছে ফটকা- আতচবাজী। নগাঁৱৰ বজাৰত একাংশ ব্যবসায়ীয়ে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অবিহনে লাখ- লাখ টকাৰ ফটকা-আতচবাজী অবাধে বিক্ৰী কৰিছে আজি দুই-চাৰিদিন ধৰি । ফটকা-আতচবাদী বিক্ৰীৰ অনুমতি লাভ কৰিলেহে খুচুৰা বা পাইকাৰী দৰত ফটকা-আতচবাজী বিক্ৰী কৰিব পাৰে এজন ব্যৱসায়ীয়ে। কিন্তু নগাঁৱৰ বৰবজাৰ,হয়বৰগাঁৱৰ সৰু বজাৰ,ঢাকাইপট্টিৰ একাংশ ব্যবসায়ীয়ে নগাঁও জিলা প্রশাসন আৰু নগাঁও পৌৰসভাৰ কোনো অনুজ্ঞাপত্ৰ অবিহনে অবাধে ফটকা-আতচবাজী বিক্ৰী কৰাৰ বাবে পদপথৰ কাষতে পথৰ ওপৰতে এতিয়া পুৱাৰ পৰা নিশা পৰ্যন্ত ফটকা-আতচবাজীৰ দোকান বহুৱাইছে চলাই গৈছে এক ৰমৰমীয়া ব্যৱসায় ।

 

নীতি বহিঃভূতভাৱে এই সকল  অসাধু ব্যবসায়ীয়ে অবাধে বিক্ৰী কৰিছে লাখ লাখ টকাৰ ফটকা-আতচবাজী। এইক্ষেত্ৰত নিৰ্বিকাৰ তথা চকুমুদা কুলিৰ ভাওঁত অবতী হৈছে নগাঁও জিলা প্ৰশাসন আৰু – বিয়াগোম নগাঁও পৌৰসভা । অৱশ্যে যোবা দুটা দিনত নগাঁও জিলা প্ৰশাসনে আৰক্ষীৰ সহযোগত হয়ৱৰগাঁও সৰুবজাৰ,বৰবজাৰ আৰু  ঢাকাইপট্টি অঞ্চলত উপস্থিত হৈ ফটকা-আতচবাজী বিক্ৰী কৰা বিপণী সমূহ নিয়মমাফিক পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰা পৰিলক্ষিত হয় ৷ আনহাতে,বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰ নগাঁৱৰ পাইকাৰী বজাৰৰ ব্যৱসায়ী সকলে নিজ ইচ্ছাত ফটকা আতচবাজীৰ মূল্য তিনিগুণ-চাৰিগুণকৈ বৃদ্ধি কৰাত খুচুৰা ব্যৱসায়ী সকলৰ লগতে সৰ্ব্বসাধাৰণ ৰাইজ বিমোৰত পৰিব লগা হৈছে ৷
You might also like